সাপৰ দৰেই মোট সলাইছে ট্ৰাম্পে! ভাৰতক কৰৰ বোজা জাঁপি দিয়া আমেৰিকাই ৰেহাই দিলে চীনক...

লাহে লাহে ৰং দেখাইছে আমেৰিকাই। বাহিৰে ভাৰতৰ সৈতে পৰম মিত্ৰতাৰ নাটক দেখুৱাই অহা আমেৰিকাই চীনৰ সৈতে ভিতৰি কিমান প্ৰীতি আছে সেয়া শেহতীয়াকৈ পোহৰলৈ আহিল।

author-image
Asomiya Pratidin
New Update
ujj

ডিজিটেল ডেস্কঃ লাহে লাহে ৰং দেখাইছে আমেৰিকাই। বাহিৰে ভাৰতৰ সৈতে পৰম মিত্ৰতাৰ নাটক দেখুৱাই অহা আমেৰিকাই চীনৰ সৈতে ভিতৰি কিমান প্ৰীতি আছে সেয়া শেহতীয়াকৈ পোহৰলৈ আহিল। ভাৰতৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ সময়তে মাৰ্কিন চৰকাৰখনে চীনা সামগ্ৰীৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কৰ আৰোপৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে, আগন্তুক তিনিমাহৰ বাবে সকলো চীনা সামগ্ৰীৰ ওপৰত আমেৰিকাই কোনো অতিৰিক্ত কৰ আৰোপ নকৰে। আমেৰিকাৰ এই সিদ্ধান্তৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি চীনা চৰকাৰে ধন্যবাদ জ্ঞাপন কৰিছে ডনাল্ড ট্ৰাম্পক।

উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান আমেৰিকাই চীনা সামগ্ৰীৰ ওপত ৩০শতাংশ কৰ আৰোপ কৰি আছে। কিন্তু চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহত ট্ৰাম্পে চীনা সামগ্ৰীৰ ওপৰত ২৪৫শতাংশ পৰ্যন্ত কৰ আৰোপ কৰাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। কিন্তু ভাৰতৰ সৈতে ক্ৰমান্বয়ে সম্পৰ্কৰ অৱনতি হোৱা আমেৰিকাই হঠাতে চীনৰ সৈতে বৃদ্ধি কৰিছে ঘনিষ্ঠতা।

যিসময়ত ভাৰতৰ সামগ্ৰীৰ ওপৰত ২৫শতাংশ অতিৰিক্ত কৰৰ বোজা আমেৰিকাই জাপি দিলে, তেনে সময়তে চীনা সামগ্ৰীক অতিৰিক্ত কৰ প্ৰক্ৰিয়াৰ পৰা বাহিৰত ৰখা সিদ্ধান্তই বহু ইংগিতেই প্ৰদান কৰিছে।  আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, শেহতীয়াকৈ লণ্ডনত দুয়োখন দেশৰ প্ৰতিনিধিয়ে বৈঠকত বহিছিল। আৰু সেই বৈঠকৰ পৰাই চীন আৰু আমেৰিকাৰ বৃদ্ধি পাইছে ঘনিষ্ঠতা। 

চীন আমেৰিকা