/asomiyapratidin/media/media_files/2026/01/07/indidd-2026-01-07-13-18-36.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ ওপৰত আৰোপ কৰা কৰৰ পৰিমাণ আৰু অধিক বৃদ্ধি কৰিম বুলি ধমক দিয়া ডনাল্ড ট্ৰাম্পে যেন নিজৰ ভুল উপলদ্ধি কৰিছে! সেয়েহে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতক লৈ পুনৰ মন্তব্য প্ৰদান কৰিছে।
ট্ৰাম্পে কয় যে দুয়োৰে মাজত ভাল সম্পৰ্ক আছে যদিও ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা শুল্কক লৈ অসন্তুষ্ট প্ৰধানমন্ত্ৰী মোডী। হাউছ জিঅ’পিৰ সদস্যৰ ৰিট্ৰিটৰ সময়ত ট্ৰাম্পে প্ৰধানমন্ত্ৰীৰ মোডীৰ সৈতে হোৱা কথা-বতৰাৰ কথা উল্লেখ কৰি কয় যে, আমেৰিকা-ভাৰতৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ হৈ আছে যদিও শুল্ক বিষয়টোৱে মতভেদ সৃষ্টি কৰিছে। প্ৰতিৰক্ষা চুক্তি আৰু শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে হোৱা আলোচনাৰ বিষয়েও ট্ৰাম্পে উল্লেখ কৰে।
ভাৰতৰ সৈতে সম্পৰ্কৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয় যে, প্ৰধানমন্ত্ৰী মোডী আৰু মোৰ মাজত বহুত ভাল সম্পৰ্ক আছে, কিন্তু তেওঁ মোৰ ওপৰত সুখী নহয় কাৰণ ভাৰতে অধিক শুল্ক আদায় দিছে। অৱশ্যে এতিয়া তেওঁলোকে ৰাছিয়াৰ পৰা তেল ক্ৰয় বহু পৰিমাণে হ্ৰাস কৰিছে।"
উল্লেখ্য যে, আমেৰিকাই ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে, ইয়াৰে ২৫ শতাংশ শুল্ক ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে। আমেৰিকাই বিশ্বাস কৰে যে, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ভাৰতে পৰোক্ষভাৱে ৰাছিয়াৰ অৰ্থনীতি শক্তিশালী কৰিছে।
ৰাছিয়াৰ পৰা তেল আমদানি সন্দৰ্ভত আমেৰিকাৰ উদ্বেগক ভাৰতে সম্বোধন নকৰিলে ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰু বৃদ্ধি হ’ব পাৰে বুলি সকীয়াই দিয়াৰ এদিন পিছতে ট্ৰাম্পে এই বক্তব্য প্ৰকাশ কৰিছে। ট্ৰাম্পে কৈছিল যে "মোডীয়ে জানিছিল যে মই সুখী নহয়। তেওঁ মোক সুখী কৰিব বিচাৰিছিল। মোডী এজন অতি ভাল মানুহ।"
ট্ৰাম্পে অভিযোগ কৰিছিল যে, ভাৰতে সস্তা ৰাছিয়াৰ তেল ক্ৰয় কৰি ৰাছিয়াক অৰ্থনৈতিক সাহায্য আগবঢ়াইছে। এই কাৰণেই ভাৰতীয় সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰা হৈছে। অৱশ্যে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল বুলি ট্ৰাম্পৰ দাবী ইতিমধ্যে ভাৰতে নাকচ কৰিছে। ভাৰতে স্পষ্ট কৰি দিছে যে এনে কোনো কথা-বতৰা বা প্ৰতিশ্ৰুতি হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us