/asomiyapratidin/media/media_files/2025/09/19/ujjjd-2025-09-19-10-27-28.jpg)
ডিজিটেল ডেস্কঃ টেৰিফৰ জৰিয়তে ভাৰতক ধাৰাবাহিকভাৱে হেচাঁ প্ৰদান কৰি অহা আমেৰিকাক এইবাৰ সকিয়নী প্ৰদান কৰিলে ৰাছিয়াই। কোনো কাৰণতে আমেৰিকাৰ আগত ভাৰত তল পৰি দিয়াৰ প্ৰয়োজন নাই বুলি আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিলে ৰাছিয়াই। ভাৰতৰ লগতে চীনকো এই সমৰ্থন আগবঢ়ালে ৰাছিয়াই।
ভাৰত আৰু চীনৰ ওপৰত আমেৰিকাৰ শুল্ক সন্দৰ্ভত ৰাছিয়াই এক উল্লেখযোগ্য বিবৃতি প্ৰকাশ কৰিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভ্ৰভে কয় যে এই দুটা প্ৰাচীন সভ্যতাই আমেৰিকাৰ আগত কেতিয়াও হেও নহয়।
ৰাছিয়াৰ জনপ্ৰিয় টিভি অনুষ্ঠান “দ্য গ্ৰেট গেম”ত ভাষণ দি চাৰ্গেই লাভৰভে কয় যে ৰাছিয়াৰ শক্তি ক্ৰয় বন্ধ কৰাৰ বাবে আমেৰিকাৰ দাবীয়ে দেশসমূহক নতুন শক্তি বজাৰ, নতুন সম্পদ আৰু অধিক ধন বিচাৰিবলৈ বাধ্য কৰাইছে। ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ মাজতে ভাৰতক মস্কোৰ পৰা তেল ক্ৰয় কৰা বুলি ড’নাল্ড ট্ৰাম্প প্ৰশাসনে তীব্ৰ সমালোচনা কৰাৰ পিছতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ এই মন্তব্য প্ৰকাশ কৰে।
আমেৰিকাৰ দাবীৰ প্ৰতি নতুন দিল্লী আৰু বেইজিঙৰ সঁহাৰিৰ কথা উল্লেখ কৰি লাভৰভে কয় যে ইয়াৰ ফলত সেই দেশসমূহৰ অৰ্থনৈতিক অৱস্থা বেয়া হোৱাই নহয়, তেওঁলোকৰ বাবেও গুৰুতৰ অসুবিধাৰ সৃষ্টি হয়, যাৰ ফলত তেওঁলোকে নতুন বজাৰ বিচাৰি উলিয়াবলৈ বাধ্য হয় আৰু অধিক মূল্য দিবলৈ বাধ্য হয়। তাতোকৈ ডাঙৰ কথাটো হ’ল এই পন্থাৰ নৈতিক আৰু ৰাজনৈতিক বিৰোধিতাও আছে।