শান্তিৰ দূত ড'নাল্ড ট্ৰাম্প! ৰাছিয়া-ইউক্ৰেইনৰ মাজত শান্তি চুক্তি কৰিবলৈ আলাস্কাত পুটিনক কৰিব সাক্ষাৎ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ট্ৰাম্পে উল্লে নিজেই পুটিনক সাক্ষাৎ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
শান্তিৰ দূত ড'নাল্ড ট্ৰাম্প! ৰাছিয়া-ইউক্ৰেইনৰ মাজত শান্তি চুক্তি কৰিবলৈ আলাস্কাত পুটিনক কৰিব সাক্ষাৎ

ডিজিটেল ডেস্কঃ ১৫ আগষ্ট, শুকুৰবাৰে আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ট্ৰাম্পে উল্লে নিজেই পুটিনক সাক্ষাৎ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।

ট্ৰাম্পে এই সন্দৰ্ভত কয় যে, এই পদক্ষেপৰ লক্ষ্য হৈছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধক শান্তি চুক্তিৰ মাধ্যমেৰে  অন্ত পেলোৱা। অৱশ্যে যুদ্ধৰ অৱসানৰ বাবে শান্তি চুক্তি স্বাক্ষৰিত হ’লেও এই চুক্তিত দুয়োপক্ষৰ মাজত "ভূখণ্ডীয় বিনিময়"ৰ বাবেও কিছু চৰ্ত সন্নিবিষ্ট থাকিব পাৰে। এই চৰ্তই শান্তি আলোচনাক কিমান সফল কৰিব তাক লৈ কিছু সন্দেহৰ সৃষ্টি হৈছে।

শনিবাৰে ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট ট্ৰুথত লিখিছে, “আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে মোৰ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত বহু প্ৰত্যাশিত বৈঠক অহা ১৫ আগষ্ট শুকুৰবাৰে আলাস্কাৰ গ্ৰেট ইষ্টত অনুষ্ঠিত হ’ব।” এই সন্দৰ্ভত পৰৱৰ্তী সময়ত সবিশেষ ঘোষণা কৰা হ’ব বুলি ট্ৰাম্পে কয়। 

শান্তিৰ দূত ড'নাল্ড ট্ৰাম্প! ৰাছিয়া-ইউক্ৰেইনৰ মাজত শান্তি চুক্তি কৰিবলৈ আলাস্কাত পুটিনক কৰিব সাক্ষাৎ

ৰাছিয়া-ইউক্ৰেইন সামৰিক যুদ্ধ আৰু আমেৰিকাই অব্যাহত ৰখা শুল্ক যুদ্ধৰ প্ৰেক্ষাপটত এই আলোচনা  নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। আমেৰিকাৰ বিষয়াসকলে ইউৰোপীয় বিষয়াসকলক জনাইছে যে পুটিনে যুদ্ধৰ অন্ত পেলাবলৈ কেইবাটাও চৰ্ত নিৰ্ধাৰণ কৰিছে। 

ইয়াৰে এটা চৰ্ত হ’ল ইউক্ৰেইনে যথেষ্ট পৰিমাণৰ মাটি ৰাছিয়াক এৰি দিব লাগিব। ট্ৰাম্পৰ বৈদেশিক মন্ত্ৰীৰ সন্মুখত পুটিনে এনে প্ৰস্তাৱ দাখিল কৰে। চৰ্ত আছিল যে ইউক্ৰেইনে পূব ডনবাছ আৰু ক্ৰিমিয়াৰ কেইবাটাও অঞ্চল এৰিব লাগিব।

ট্ৰাম্পৰ প্ৰস্তাৱিত এই আলাস্কা ভ্ৰমণ আৰু অধিক তাৎপৰ্যপূৰ্ণ। যিহেতু প্ৰায় এটা দশক ধৰি পুটিনে আমেৰিকাৰ মাটিত ভৰি দিয়া নাই। মন কৰিবলগীয়া যে যদিও ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অৱসান ঘটাবলৈ এইদৰে ট্ৰাম্পে প্ৰয়াস কৰিছে, পুটিনৰ সৈতে আলোচনাৰ বাবে সাজু হৈছে তথাপিও ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ সৈতে কোনো ধৰণৰ ‘আনুষ্ঠানিক বৈঠক’ কৰিবলৈ পুটিন আগ্ৰহী নহয়। অৱশ্যে যুদ্ধৰ অৱসান ঘটাবলৈ দুয়োখন দেশৰ মুৰব্বীক সাক্ষাৎ কৰিবলৈ সাজু বুলি দাবী কৰিছে ট্ৰাম্পে।

ইউক্ৰেইন ৰাছিয়া যুদ্ধ ভ্লাদিমিৰ পুটিন ড'নাল্ড ট্ৰাম্প