পুটিন-মোডীৰ সম্পৰ্ক দেখি খোৱা-বোৱা বাদ দিছে ট্ৰাম্পে!

ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক যেন বেয়া কৰিহে ক্ষান্ত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ভাৰত-ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্ক হজম নোহোৱা ট্ৰাম্পে পুনৰ চলাইছে মিছা প্ৰচাৰ। ৰাছিয়াৰ পৰা

author-image
Asomiya Pratidin
New Update
jjjjd

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক যেন বেয়া কৰিহে ক্ষান্ত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ভাৰত-ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্ক হজম নোহোৱা ট্ৰাম্পে পুনৰ চলাইছে মিছা প্ৰচাৰ। ৰাছিয়াৰ পৰা ভাৰতে আৰু তেল ক্ৰয় নকৰে বুলি যোৱা ২৫অক্টোবৰ, ২০২৫ত ৰাজহুৱা কৰিছিল ট্ৰাম্পে। আমেৰিকাই গ্ৰহণ কৰা সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ট্ৰাম্পে সদৰি কৰিছিল।

কিন্তু ট্ৰাম্পৰ এই কথাৰ কোনো ভিত্তি নাই বুলি ভাৰতে শেহতীয়াকৈ স্পষ্ট কৰি দিছে নিজৰ স্থিতি। ভাৰতে স্পষ্ট কৰি দিছে যে, কোনো শক্তিৰ হেচাঁত পৰি ভাৰতে কোনো বাণিজ্যিক সিদ্ধান্ত গ্ৰহণ নকৰে। ভাৰতে সদায় নিজৰ দেশৰ স্বাৰ্থ আগত ৰাখে আৰু আগলৈও এনেদৰেই কাম কৰিব।

ট্ৰাম্পৰ এই দাবী নস্যাত কৰি ভাৰতৰ বিদেশ মন্ত্ৰালয়ে লগতে সদৰি কৰে যে, ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি থাকিব, কিয়নো ই শক্তি সুৰক্ষা আৰু সুলভ মূল্যৰ যোগানৰ এক গুৰুত্বপূৰ্ণ অংগ। ভাৰতে লগতে কয় যে, ৰাষ্ট্ৰসংঘৰ (UN) পৰ্যায়ত আনুষ্ঠানিকভাৱে নিষেধাজ্ঞা নাথাকিলে কোনো দেশে কোনো বিশেষ বিক্ৰেতাৰ পৰা তেল ক্ৰয় কৰাত বাধা দিব নোৱাৰে।

ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰাৰ পাছত ট্ৰাম্পে এই বিষয়ক লৈ এতিয়ালৈকে কোনো মন্তব্য কৰা নাই। কিন্তু ভাৰতৰ কান্ধত বন্দুক লৈ পুনৰ মিছা মাতিবলৈ চেষ্টা কৰা ট্ৰাম্পৰ আৰু এটা মিছা পুনৰ পোহৰলৈ আহিল। উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বেও ভাৰত-ৰাছিয়াৰ সম্পৰ্কক লৈ আপত্তি দৰ্শাই আহিছে ট্ৰাম্পে। 

আমেৰিকা