ভাৰতীয় খাদ্যক লৈ আমেৰিকাৰ অধ্যাপকৰ টুইট, প্ৰতিক্ৰিয়া ব্যক্ত বিভিন্নজনৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতেই ভাৰতীয় খাদ্যৰ এক সুকীয়া নাম আছে। বহিঃৰাষ্ট্ৰৰ নাগৰিকসকলে বিভিন্ন ধৰণৰ মচালাযুক্ত ভাৰতীয় খাদ্য খাই খুবেই ভাল পায় বুলিও বহুতে মন্তব্য কৰে। ইয়াৰ উপৰিও, আপুনি যদি ইউটিউবত 'বিদেশী ইটিং দেশী ফুড' বুলি ইংৰাজীত ছাৰ্চ কৰে তেন্তে বহু কেইটা ভিডিঅ' দেখিবলৈ পাব। আৰু এই ভিডিঅ' কেইটাত যিসকল লোকে ভাৰতীয় খাদ্য জুতি লয় তেওঁ এই খাদ্য খুবেই ভাল পায়।

ইণ্ডিয়ান এক্সপ্ৰেছৰ অনুসৰি, টুইটাৰত এজন ব্যক্তিয়ে টুইট কৰি কৈছে যে- ভাৰতীয় খাদ্য খাবলৈ ভাল নহয়। ট'ম নিকোলাছ নামৰ আমেৰিকাৰ অধ্যাপক গৰাকীয়ে টুইটাৰত লিখে-'ভাৰতীয় খাদ্য অতি বেয়া খাবলৈ। কিন্তু আমি এনে দেখাও যেন এই খাদ্য খাবলৈ সুস্বাদু।'

আমেৰিকাৰ অধ্যাপকগৰাকীৰ টুইটটোৰ পাছত বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে তেওঁক সমালোচনা কৰিছে। তদুপৰি বিভিন্নজনে ভিন্ন ভিন্ন ধৰণে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। টুইটাৰত সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত ট'ম নিকোলাছ নামৰ অধ্যাপকগৰাকীয়ে আৰু এটা টুইট কৰে, য'ত লিখিছে- 'মই ভাৰতীয় খাদ্য কেৱল ইউ কে আৰু ইউ এছৰ ৰেষ্টুৰেন্টতহে খাইছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in