/asomiyapratidin/media/media_files/2025/12/26/whatsapp-i-2025-12-26-09-53-27.jpeg)
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনীয়ে নাইজেৰিয়াত থকা সন্ত্ৰাসবাদী সংগঠন ISIS ৰ ঘাটিত এক ভয়ংকৰ আকাশমাৰ্গীয় আক্ৰমণ সংঘটিত কৰিছে। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে আনুষ্ঠানিকভাৱে সদৰী কৰা মতে, যোৱা নিশা চলোৱা এই অতৰ্কিত আক্ৰমণত ISIS ৰ কেইবাটাও ঘাটি সম্পূৰ্ণৰূপে ধ্বংস হয়। লগতে কেইবাজনো দুধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে।
নাইজেৰিয়া চৰকাৰৰ সৈতে সমন্বয় ৰাখি চলোৱা এই এয়াৰ ষ্ট্ৰাইকৰ মূল লক্ষ্য আছিল অঞ্চলটোত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদীৰ নেটৱৰ্ক স্তব্ধ কৰি দিয়া। আমেৰিকাই জনোৱা মতে, এই সন্ত্ৰাসবাদী গোটটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কূটাঘাতমূলক কাৰ্যৰ পৰিকল্পনা কৰি আছিল।
উল্লেখ্য যে, এই সফল অভিযানৰ পাছত নাইজেৰিয়া আৰু ইয়াৰ চুবুৰীয়া অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। এই আক্ৰমণে বিশ্বজুৰি সন্ত্ৰাসবাদ বিৰোধী অভিযানক পুনৰ তীব্ৰতৰ কৰি তুলিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us