/asomiyapratidin/media/media_files/2026/03/08/udjdjd-2026-03-08-09-28-23.jpg)
ডিজিটেল ডেস্কঃ দিন যিমানেই বাগৰিছে মধ্য প্ৰাচ্যত যুদ্ধৰ ভয়াৱহতা বৃদ্ধি পাই গৈয়ে আছে। আমেৰিকাৰ ওপৰত ইৰাণৰ বিধ্বংসী আক্ৰমণৰ পাছতে আমেৰিকাই বিনা চৰ্তত আত্মসৰ্মপণৰ সকিয়নী প্ৰদান কৰিছিল। কিন্তু আমেৰিকাৰ এই সকিয়নী মানি লোৱা নাছিল ইৰাণে।
ইৰাণৰ যুদ্ধংদেহী মনোভাৱ দেখি আমেৰিকাই শনিবাৰে নিশা ভয়ংকৰ আক্ৰমণ চলাই দেশখনত। ইজৰাইল সেনাৰ সৈতে মিলি ইৰাণৰ এটা তৈল খাদ আৰু এটা পানীৰ বৃহত প্ৰকল্প ধ্বংস কৰি দিয়ে আমেৰিকাই। ইৰাণৰ মেহৰাবাদস্থিত এয়াৰপৰ্টতো ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে আমেৰিকাই।
এই আক্ৰমণ চলি থকাৰ মাজতে ইৰাণৰ পুনৰ সকিয়নী প্ৰদান কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইৰাণক সকিয়নী প্ৰদান কৰি ট্ৰাম্পে কয় যে, মই আগতেই কৈছিলো যে বিনা চৰ্তত আত্মসৰ্মপণ কৰক। এতিয়া তেওঁলোকৰ অৱস্থা এনেকুৱা কৰি দিম যে, যুদ্ধক্ষেত্ৰত থিয় দি থাকিব নোৱাৰিব। আমি তেওঁলোকৰ নেতাক পূৰ্বেই নিঃশেষ কৰিছো।
আমেৰিকাৰ এনে আক্ৰমণৰ পাছতো ইৰাণ পিছ হুহকি দিয়া নাই। এনে আক্ৰমণ চলি থকাৰ মাজতে ইৰাণে ইজৰাইলত মিচাইলেৰে আক্ৰমণ কৰিছে। ক্লাষ্টাৰ বোমাৰে ইজৰাইলৰ কেইবাঠাইতো আক্ৰমণ অব্যাহত ৰাখিছে ইৰাণে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us