/asomiyapratidin/media/media_files/2025/11/27/da87aad8-2129-ddddd-b441-ebdafae37a48-2025-11-27-10-27-48.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ সকলোতকৈ নিৰাপদ স্থানবোৰৰ ভিতৰত অন্যতম হৈছে মাৰ্কিন ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ হোৱাইট হাউচ। কিন্তু সেই হোৱাইট হাউচতো সোমাল ৰাষ্ট্ৰবিৰোধী শক্তি। হোৱাইট হাউচত কৰ্মৰত দুগৰাকী নিৰাপত্তাৰক্ষীক গুলীয়াই পলায়ন কৰে আততায়ী।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই ঘটনাক তীব্ৰ গৰিহণা দি জঘন্য আক্ৰমণ আৰু সন্ত্ৰাসবাদৰ কাৰ্য বুলি অভিহিত কৰে। ট্ৰাম্পে পেন্টাগনক আমেৰিকাৰ ৰাজধানীত অতিৰিক্ত ৫০০ সৈন্য নিয়োগ কৰিবলৈও নিৰ্দেশ দিয়ে।
বুধবাৰে বিয়লি হোৱাইট হাউছৰ পৰা মাত্ৰ কেইটামান ব্লক দূৰৈত পশ্চিম ভাৰ্জিনিয়া নেচনেল গাৰ্ডৰ জোৱানসকলক এম্বুছ কৰা হয়। এই আক্ৰমণৰ পিছতে কমপ্লেক্সটো তৎক্ষণাত বন্ধ কৰি দিয়া হয়। তদন্তকাৰী সংস্থাই অঞ্চলটোৰ তদন্ত অব্যাহত ৰাখিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই সন্দৰ্ভত কয় যে এইটো আমাৰ সমগ্ৰ দেশৰ বিৰুদ্ধে অপৰাধ।ৱাশ্বিংটন ডি চিত সেৱা আগবঢ়োৱা নেশ্যনেল গাৰ্ডৰ দুজন সদস্যক হোৱাইট হাউছৰ পৰা মাত্ৰ কেইখোজমান দূৰৈত ভয়ংকৰ এম্বুছত গুলীয়াই হত্যা কৰা হয়। এয়া আমাৰ সমগ্ৰ জাতিৰ বিৰুদ্ধে অপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলিও তেওঁ কয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us