/asomiyapratidin/media/media_files/2026/01/09/trummdd-2026-01-09-18-08-33.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ ওপৰত ৫০০শতাংশ শুল্ক আৰোপ কৰাৰ ক্ষেত্ৰত ট্ৰাম্পৰ ভাবুকিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত কয় যে, কোনো শক্তিৰ হেঁচাত ভাৰতে বাণিজ্যৰ নীতি সলনি নকৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, "আমি আমেৰিকাৰ এই বিধেয়কখনৰ বিষয়ে অৱগত। আমাৰ স্থিতি সকলোৱে জানে। বিশ্ব বজাৰৰ পৰিৱৰ্তিত গতিশীলতা আৰু আমাৰ ১৪ বিলিয়ন ভাৰতীয় নাগৰিকৰ শক্তি সুৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আমি কাম কৰিছো আৰু কৰিব যাম।
মুখপাত্ৰ গৰাকীয়ে লগতে কয় যে, কোনো হেঁচাত ভাৰতৰ শক্তি নীতি সলনি নহ'ব। ভাৰতৰ জনসাধাৰণক সুলভ মূল্যৰ শক্তি প্ৰদান কৰাত আমাৰ গুৰুত্ব। ভাৰতে শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিশ্বৰ বজাৰসমূহৰ ওপৰত চকু ৰাখিছে।'
উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এনে এখন বিধেয়ক অনুমোদন জনাইছে যিয়ে ৰাছিয়াৰ পৰা তেল বা ইউৰেনিয়ামৰ দৰে সামগ্ৰী আমদানি কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব। ভাৰত, চীন, ব্ৰাজিল ৰাছিয়াৰ তেল আৰু ইউৰেনিয়ামৰ প্ৰধান আমদানিকাৰক। যদিহে এই বিধেয়কখন গৃহীত হয় তেন্তে এই দেশসমূহৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰা হ'ব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us