/asomiyapratidin/media/media_files/2026/01/03/rftretee-2026-01-03-15-51-46.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাবুকিৰ মাত্ৰ কেইদিনমান পিছতে ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত ব্যাপক আক্ৰমণ চলালে আমেৰিকান সেনাই। কাৰাকাছত কমেও ৭টা বিস্ফোৰণৰ শব্দ শুনা গৈছে বুলি জানিব পৰা গৈছে। আনহাতে দেশখনত কম উচ্চতাত কেইবাখনো বিমান উৰি থকা দেখা পাইছে প্ৰত্যক্ষদৰ্শীয়ে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এ পিৰ তথ্য অনুসৰি, স্থানীয় সময় অনুসৰি পুৱা ২ বজাত এই বিস্ফোৰণৰ শব্দ শুনা গৈছিল। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৱে ভেনিজুৱেলাত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। ইফালে, এই বিস্ফোৰণৰ শব্দ ইমানেই তীব্ৰ আছিল যে, শব্দ শুনি আতংকিত হৈ দেশখনৰ নাগৰিক ঘৰৰ পৰা ওলাই আহিছিল। অৱশ্যে এই বিস্ফোৰণৰ উৎস সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক নিশ্চিতকৰণ কৰা হোৱা নাই।
আনহাতে, আমেৰিকাৰ বিষয়াসকলে চিবিএছ নিউজক জনোৱা অনুসৰি, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰত্যক্ষ নিৰ্দেশত ভেনিজুৱেলাত সামৰিক ইনষ্টলেশ্যনসহ কেইবাটাও গুৰুত্বপূৰ্ণ লক্ষ্যত আক্ৰমণ চলোৱা হৈছে। শনিবাৰে পুৱা ট্ৰাম্প প্ৰশাসনে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ চৰকাৰৰ বিৰুদ্ধে নিজৰ দমনমূলক পদক্ষেপ অধিক তীব্ৰতৰ কৰি তোলে বুলি খবৰ প্ৰকাশ পাইছে।
পিছে, এই আক্ৰমণৰ অভিযোগ উত্থাপন হোৱাৰ কিছু সময়ৰ পিছতেই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৱে এক চৰকাৰী বিবৃতি জাৰি কৰি আমেৰিকাৰ “সামৰিক আক্ৰমণ” কঠোৰ ভাষাৰে নাকচ কৰে। তেওঁ কয় যে, আমেৰিকাই ভেনিজুৱেলাৰ সাৰ্বভৌমত্বত হস্তক্ষেপ কৰিছে আৰু এই কাৰ্য্য কেতিয়াও গ্ৰহণযোগ্য নহয়।
ইফালে, ৰয়টাৰৰ খবৰ অনুসৰি, ভেনিজুৱেলাৰ চৰকাৰী বিবৃতিত কোৱা হৈছে যে এই আক্ৰমণৰ মূল লক্ষ্য হৈছে দেশখনৰ মূল্যৱান তেল সম্পদ আৰু খনিজ পদাৰ্থ নিজৰ দখললৈ অনা। মাদুৰো চৰকাৰে অভিযোগ কৰি কয় যে, আমেৰিকাই ভেনিজুৱেলাৰ প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ উদ্দেশ্যৰে এই সামৰিক চাপ সৃষ্টি কৰিছে।
এই ঘটনাৰ পিছতে ভেনিজুৱেলাত সামৰিক সতৰ্কতা বৃদ্ধি কৰা হৈছে আৰু ৰাজধানী কাৰাকাছসহ বিভিন্ন অঞ্চলত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে। একে সময়তে এই ঘটনাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উদ্বেগ বৃদ্ধি পাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us