ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়তে ধনশিৰি মহকুমাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত নৱজোতি মাজগাওঁস্হিত উমেশ দত্ত মধ্য ইংৰাজী বিদ্যালয়ত দুস্কৃতিকাৰীয়ে ২৯ এপ্ৰিলৰ নিশা কম্পিউটাৰ কক্ষত প্ৰবেশ কৰি বিদ্যালয়খনৰ ভালেকেইটা কম্পিউটাৰৰ ক্ষতিসাধন কৰে৷
বিদ্যালয়ৰ বন্ধ থকাৰ বাবে বিদ্যালয়ৰ কতৃপক্ষই বিষয়টো অৱগতহোৱা নাছিল৷ পিছত স্হানীয় গাওঁৰক্ষী বাহিনীয়ে কম্পিউটাৰকক্ষৰ খিৰিকী খোলা অৱস্হাত দেখি বিদ্যালয়ৰ কতৃপক্ষক অৱগত কৰে আৰু প্ৰধান শিক্ষক , চকীদাৰ, স্থানীয় ৰাইজ আহি প্ৰতক্ষ্য কৰে যে দুষ্কৃতিকাৰীয়ে ভালেকেইটা কম্পিউটাৰ ভাঙি ক্ষতি সাধন কৰে৷
বিদ্যালয়ৰ কাৰ্যালয়ৰ ভেন্টিলেটৰ ভাঙি দু্স্কৃতিকাৰীয়ে কাৰ্যালয়তো প্ৰবেশ কৰে৷ দুস্কৃতিকাৰীৰ এনে কাৰ্যক অঞ্চলটোৰ সচেতন মহলে গৰিহণাদিছে আৰু দুস্কৃতিকাৰীসকলক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনাইছে৷ইফালে এই সন্দৰ্ভত বিদ্যালয়খলৰ প্ৰধানশিক্ষক হৰেন্দ্ৰনাথ বৰাই উৰিয়ামঘাট আৰক্ষী থানাত লিখিত ভাৱে অৱগত কৰাইছে৷