নিখিল বড়ো ছাত্ৰ সন্থাৰ নামবৰ আঞ্চলিক সমিতিৰ ৩৬তম বাৰ্ষিক অধিৱেশন

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনত বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ পুঁজিৰে এটি নৱ-নিৰ্মিত পকী কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে এবছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বীৰখাং নাৰ্জাৰীয়ে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সৰুপথাৰ সমজিলাৰ মধ্যমপুৰ ধুপগুৰিত অনুষ্ঠিত হয় ৩৬ সংখ্যক অধিৱেশন।দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনৰ পুৱাৰ ভাগতেই পতাকা উত্তোলন কৰে  নামবৰ আঞ্চলিকৰ সভাপতি জীৱকান্ত খাখলাৰী। সমান্তৰালকৈ স্মৃতি তৰ্পণ কৰে উপ সভাপতি অভিৰাম খাখলাৰীয়ে। ইয়াৰ পাছতেই কুইজ, চিত্ৰাংকণ, কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়।  

1f206345-b4ff-408e-b98b-0694318214e9

উল্লেখ্য যে ১৯৯০ চনতেই প্ৰতিষ্ঠা হৈছিল নিখিল বড়ো ছাত্ৰ সন্থাৰ নামবৰ আঞ্চলিক সমিতিৰ। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনত বড়ো কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ পুঁজিৰে এটি নৱ-নিৰ্মিত পকী কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে এবছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বীৰখাং নাৰ্জাৰীয়ে । সমান্তৰালকৈ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উদ্বোধন কৰে বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে।

fae93b40-3042-4998-abb4-4c66b6da3459

অধিৱেশনত নামবৰ আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভাও অনুষ্ঠিত হয়। ইয়াৰ পাছতেই মুকলি সভা অনুষ্ঠিত হয়। বড়ো, ৰাভা জনগোষ্ঠীৰ বাৰেৰহনীয়া নৃত্য প্ৰদৰ্শিত হয়। মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বীৰখাং নাৰ্জাৰীয়। আমন্ত্ৰিত অতিথি বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, লিখক মহেশ্বৰ বসুমতাৰী, গোলঘাট জিলা এবছুৰ সভাপতি প্ৰদীপ বসুমতাৰীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি, সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।

সৰুপথাৰ