/asomiyapratidin/media/media_files/2026/01/15/whatsap-2026-01-15-23-12-07.jpeg)
ডিজিটেল সংবাদ,উৰিয়াগাঁওঃ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতি উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আৰু উৰিয়াগাঁও আঞ্চলিক মহিলা সমিতিৰ লগতে বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ ৰাইজৰ সহযোগত আয়োজিত নৱম বাৰ্ষিক ভোগালী বিহু উৎসৱৰ আজি সামৰণি পৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-2026-01-15-23-09-03.jpeg)
ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত অনুষ্ঠিত এই ভোগালী বিহু উৎসৱৰ উৰুকাৰ দিনা ভেলাঘৰত নাম-প্ৰসংগ আৰম্ভ হোৱা অনুষ্ঠানৰ অন্তত উৰুকাৰ সমূহীয়া ভোজ-ভাত গ্ৰহণ কৰি ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰে অঞ্চলটোৰ নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলে। বিহুৰ দিনা পুৱাই মেজি প্ৰজ্বলন কৰি সমাজৰ অসূয়া -অপ্ৰীতি দূৰ কৰি অসম আৰু বিশ্ববাসীৰ মঙ্গল কামনা কৰে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়ায়ে। অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি অতুল ফুকনে কৰা মেজি প্ৰজ্বলনৰ পাছতে বিহুৰ পতাকা উত্তোলন কৰে অসম আন্দোলনৰ কৰ্মী তথা অগ্ৰণী সমাজ কৰ্মী হলি শইকীয়ায়ে।পতাকা উত্তোলন কৰি শইকীয়াই কয় যে, বৃহত্তৰ এই উৰিয়াগাঁও অঞ্চলৰ নাম ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকা দিনৰে পৰা শ্বহিদ অনিল বৰা দিনলৈকে ইতিহাসৰ পাতত খোদিত হৈ আছে। ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব লাগিব আজিৰ পুৰুষে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-im-2026-01-15-23-09-31.jpeg)
ইয়াৰ পাছত অসম আন্দোলনৰ সময়তেই নিৰ্মাণ কৰা উৰিয়াগাঁওস্থিত ঐতিহাসিক শ্বহিদ বেদীত বন্তি প্ৰজ্বলন কৰে অগ্ৰণী সমাজ কৰ্মী মল্লো শইকীয়াই আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ভোলা বৰায়ে। বিগত বৰ্ষৰ দৰেই এই বৰ্ষতো পৰম্পৰাগত ভাবে চলি অহা অঞ্চলৰ বয়োজ্যেষ্ঠক এখন বিহুৱান যাচি সেৱা ধৰে কণিষ্ঠসকলে। দিনৰ ভাগত অসমীয়া সমাজৰ পৰা হেৰাই যোৱা চকী খেল, দুঠেঙীয়া দৌৰ,লাহে লাহে চাইকেল চলোৱা প্ৰতিযোগিতা,টেকেলী ভঙা প্ৰতিযোগিতা,হঁহা কন্দা আৰু ৰছী টনা ইত্যাদি প্ৰতিযোগিতা কণ কণ শিশু আৰু চেমনীয়াৰ মাজত অনুষ্ঠিত কৰে।
তৃতীয় তথা অন্তিম দিনত বৃহত্তৰ উৰিয়াগাঁও অঞ্চললৈ শৈক্ষিক, সামাজিক, সাংস্কৃতিক,ক্ৰীড়া ইত্যাদি দিশত জীৱনজোৰা সাধনাৰে আগবঢ়োৱা অৱদানক সোঁৱৰি জ্যেষ্ঠ চাৰিজন ব্যক্তি ক্ৰমে তেলীয়া পহুকটা নিবাসী সোমেশ্বৰ বৰা আৰু কৰৈয়ণী নিবাসী অতুল বৰাক এখন ফুলাম গামোচা,চেলেং,শৰাই আৰু মানপত্ৰৰে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আৰু দুজন উৰিয়াগাঁও নিবাসী অগ্ৰজ ব্যক্তি শশী হাজৰিকা আৰু লক্ষী হাজৰিকাক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰাৰ দিহা কৰা হৈছিল যদিও শাৰিৰীক অসুস্থতাৰ বাবে তেওঁলোক দুয়োজন উপস্থিত থাকিব নোৱাৰে যদিও পৰৱৰ্তী সময়ত তেওঁলোকৰ বাসগৃহত এই সম্বৰ্দ্ধনা জনোৱা হ'ব বুলি সমিতিয়ে জানিবলৈ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-2026-01-15-23-09-47.jpeg)
উল্লেখ্য যে- তৃতীয় দিনৰ অন্তিম কাৰ্যসূচীত জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে মিলি ভেদাভেদ পাহৰি সমূহীয়া ন-খোৱা পৰ্ব অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত সহস্ৰাধিক লোকে একেলগে উৰিয়াগাঁও খেলপথাৰত সমবেত হৈ আমাৰ সমাজৰ পৰা হেৰাই যাবলৈ ধৰা এই ৰীতি-নীতিয়ে এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰে। উজনি নামনি সংগমস্থল এই উৰিয়াগাঁৱত দেশী বিদেশী বহু পৰ্যটকে ৰৈ অসমীয়া থলুৱা ব্যঞ্জনৰ জুতি লোৱা পৰিলক্ষিত হয়। ইপিনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কুটিল হাতোৰাৰ পৰা মুক্ত কৰা উৰিয়াগাঁও খেলপথাৰখন আৰু স্থানীয় ৰাইজৰ দ্বাৰা গঢ়ি উঠা ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ সমস্যা সমাধানৰ হকে সংগ্ৰাম চলাই থকা আটাইকেইখন সমিতিৰ এই নিৰৱিচ্ছিন্ন প্ৰচেষ্টাক সচেতন মহলে প্ৰসংশা কৰাই নহয় ইয়াৰ দ্বাৰা অসমীয়া সমাজ জীৱনলৈ এক অনবদ্য বাৰ্তা আৰু নিদৰ্শনৰ কথা বিভিন্ন সামাজিক আৰু ছপা তথা বৈদ্যুতিন মাধ্যমত সঘনাই সম্প্ৰচাৰ হোৱা সকলোৱে লক্ষ্য কৰিছে।
এই ক্ষেত্ৰত সকলো শ্ৰেণী ৰাইজৰ আৰ্থিক তথা কায়িক সাহায্যক একমুখে স্বীকাৰ কৰিউৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সম্পাদক প্ৰবোধ কুমাৰ বৰা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰা, উৰিয়াগাঁও ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰাৰ লগতে উৰিয়া গাঁও আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী সোমা বৰা,সম্পাদিকা বিদিশা হাজৰিকাৰ ওপৰিও উদযাপন সমিতিৰ সভাপতি দুলাল বৰা সম্পাদকত্ৰয় ৰূপৰাম হাজৰিকা,শুভ্ৰজিৎ গগৈ আৰু মুকুট হাজৰিকাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-2026-01-15-23-10-15.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us