উৰিয়াগাঁও আঞ্চলিক মহিলা সমিতিৰ সজাগতামূলক সমদল

ঐতিহ্যমণ্ডিত এই উৰিয়া গাঁৱৰ স্ত্ৰী শিক্ষাৰ লগতে স্বাধীনতা আন্দোলনত আৰু ইয়াৰ পৰৱৰ্তী সময়ৰ ঘটনা প্ৰবাহৰ লগত নাৰীশক্তি অপৰিসীম ৰূপত প্ৰস্ফুটিত হৈ আহিছে।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ, নগাওঁঃ সদ্যগঠিত উৰিয়াগাঁও আঞ্চলিক মহিলা সমিতিৰ দ্বাৰা উৰিগাঁৱত মাদক দ্ৰব্যৰ অবাধ প্ৰচলন বন্ধ কৰা,ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰাকে প্ৰমুখ্য কৰি নাৰী নিৰ্যাতন আৰু বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ নাৰীশক্তিক একত্ৰিত কৰিবৰ বাবে এক সজাগতামূলক সমদল বাহিৰ কৰে। উৰিয়াগাঁও চ'কৰ সমীপত  সংঘটিত বিভিন্ন দুৰ্ঘটনাৰ আলম লৈ একাংশ দুষ্কৃতিকাৰীয়ে লুটপাত চলাই অহা কাৰ্য সমুলঞ্চে নাশ কৰাৰ বৃহৎ পদক্ষেপ হাতত লয় । 

WhatsApp Image 2025-12-30 at 2.58.02 PM (1)


সমিতি খনৰ সভানেত্ৰী সোমা বৰা আৰু সম্পাদিকা বিদিশা হাজৰিকাই কয় যে- ঐতিহ্যমণ্ডিত এই উৰিয়া গাঁৱৰ স্ত্ৰী শিক্ষাৰ লগতে স্বাধীনতা আন্দোলনত আৰু ইয়াৰ পৰৱৰ্তী সময়ৰ ঘটনা প্ৰবাহৰ লগত নাৰীশক্তি অপৰিসীম ৰূপত প্ৰস্ফুটিত হৈ আহিছে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চাৰিশৰীয়া পথ নিৰ্মাণ তথা উৰিয়া গাঁও চ'ক নিৰ্মাণ কৰা সময়ৰে পৰাই আৰ্থ-সামাজিক-সাংস্কৃতিক দিশত এই অঞ্চলৰ নাৰীখিনি নিষ্প্ৰভ হৈ পৰে। 

কালক্ৰমত উৰিয়া গাঁও চ'ক যাত্ৰীৰ আহ যাহ কৰা স্থলীলৈ পৰ্যৱসিত হোৱাত বহুতো অপকৰ্ম সংঘটিত হ'বলৈ ধৰিছে।সেইবোৰ আমি ৰোধ কৰিব লাগিব।তাৰোপৰি অচিনাকি ব্যক্তিয়ে উৰিয়া গাঁৱক নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ঘাটিত পৰিণত কৰিছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেও এই উন্নয়নৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিছিল সেয়া নকৰিলে। 

WhatsApp Image 2025-12-30 at 2.58.02 PM

ফলশ্ৰুতিত ৰাইজ একগোট হৈ আৰ্তজনক সহায় কৰাৰ পৰা পথৰ দাঁতিৰ বৃহৎ পৰিমাণৰ জংঘল চাফাই কৰিবলৈ অভিযান কাৰ্যসূচী ৰূপায়ন কৰিব লগা হৈছে।সেয়া সচাঁকৈয়ে দূৰ্ভাগ্যজনক।তাৰোপৰি থলুৱা খিলঞ্জীয়া মহিলা সকলে স্বনিয়োজনৰ বাট মুকলি কৰিবলৈ পদপথত চাহ বিস্কুটৰ বিক্ৰীৰ ব্যৱসায় কৰিবলগা হৈছে।সেই মহিলা সকলৰ স্বাৱলম্বিতা আৰু সু-স্বাস্থ্য ব্যৱস্থাৰ হকেও বহুখিনি কৰিবলগীয়া আছে।এই কামখিনি উৰিয়া গাঁও আঞ্চলিক মহিলা সমিতিয়ে ঢাপে ঢাপে কাৰ্যত ৰূপায়নৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি মহিলা দ্বয়ে ঘোষনা কৰে। 

আজিৰ সজাগতামূলক সমদলত মাদক দ্ৰব্যৰ অবাধ প্ৰচলন বন্ধ কৰক, নাৰীশক্তি জিন্দাবাদ, ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰিব লাগিবই,এই ব্যৱসায়ত জড়িত সকল হুঁচিয়াৰ, দুৰ্ঘটনাৰ আৰ্তজনক সহায় কৰক,দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত লুটপাত কৰা সকল সাৱধান,উৰিয়া গাঁও আঞ্চলিক মহিলা সমিতি জিন্দাবাদ ইত্যাদি শ্ল'গানেৰে উৰিয়া গাঁও চকৰ কেউফালে সমদল কৰে। উক্ত কাৰ্যসূচীত বিশিষ্ট সমাজসেৱী তথা শিক্ষাবিদ ৰিণ্টুদাস, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভানেত্ৰী নমিতা বৰা, সমাজসেৱী নিশা মনি বৰা, অঞ্জলি বৰকাকতি,নদী আৰু নাৰী অনুষ্ঠানৰ নগাঁও জিলা সমিতিৰ সম্পাদিকা লক্ষী বৰা আৰু বাবলি ভট্টাচাৰ্য সহিতে দুই শতাধিক মহিলাই অংশগ্ৰহণ কৰে।

WhatsApp Image 2025-12-30 at 2.58.02 PM (2)

নগাওঁ