/asomiyapratidin/media/media_files/2026/02/24/killbillkjsdfkdjf-2026-02-24-18-46-51.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ উৰিয়াগাঁও নিবাসী ববী হাজৰিকা আৰু প্ৰয়াত শ্ৰীমন্ত নাথৰ পুত্ৰ পাৰ্থজ্যোতি নাথে হাইদৰাবাদস্থিত নিউ ব্ৰেভ' ছিকিউৰিটী এজেঞ্চীৰ অধীনত কৰ্মৰত অৱস্থাত নিজৰ কোঠাত শনিবাৰে নিশা চৰম পন্থা বাচি লোৱাৰ খবৰে সমগ্ৰ উৰিয়াগাঁৱত শোকৰ ছাঁ পেলাইছিল।
প্ৰায় ৩০ বছৰ বয়স গৰকা অতিশয় দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পাৰ্থজ্যোতিয়ে এবছৰৰ পূৰ্বে হাইদৰাবাদলৈ কাম বিচাৰি গৈছিল। পাছত ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে হায়দৰাবাদস্থিত পাৰ্থই কাম কৰা কোম্পানীটোৰ জনৈক হেমন্ত দেকালৰ লগত যোগাযোগ কৰাত তেখেতে ঘটনাতো সংঘটিত হোৱাৰ পাছত স্থানীয় আৰক্ষীক খবৰ দিয়ে।
পাৰ্থৰ নশ্বৰ দেহ শীততাপ নিয়ন্ত্ৰিত মৰ্গত সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰা হয়। আনহাতে, ঘটনাৰ খবৰ পায়ে পাৰ্থৰ মাতৃ ববী হাজৰিকা আৰু পৰিয়ালৰ লোক উপস্থিত হৈছিল হায়দৰাবাদত। ইয়াৰ পাছতেই সোমবাৰে পুৱা ৯.৩০ বজাত যাৱতীয় কাৰ্য সম্পাদন কৰি মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে হায়দৰাবাদ আৰক্ষীয়ে।
পৰিয়ালৰ লোকক হায়দৰাবাদ আৰক্ষীয়ে মৃতদেহটো চমজাই দিয়াৰ পাছতেই অসম চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে মৃতদেহ মঙলবাৰে উৰিয়াগাৱঁস্থিত বাসগৃহলৈ লৈ আনে। আনপিনে উৰিয়াগাৱঁৰ বাসগৃহত মৃতদেহ আহি পোৱাৰ লগে লগেই স্থানীয় ৰাইজে অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us