/asomiyapratidin/media/media_files/2025/11/18/uridsd-2025-11-18-20-20-35.jpg)
ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনক লৈ ৰাজ্যৰ লগতে বিদেশতো আজি আয়োজ কৰা হৈছে অনুষ্ঠানৰ। জুবিনৰ সৃষ্টিৰেই তেওঁক ওপজা দিনত অনুৰাগীসকলে উপহাৰ দিবলৈ চেষ্টা কৰিছে। নগাওঁ জিলাৰ উৰিয়া গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিনটি আয়োজন কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/18/8e10a960-51e7-45c1-9ef8-9d5d017c2765-2025-11-18-20-13-31.jpg)
জন্মদিনৰ সৈতে সংগতি ৰাখি অন্য ভিন্ন অনুষ্ঠানৰ লগতে আয়োজন কৰা হৈছে জুবিন সংগীতৰ প্ৰতিযোগিতা। উৰিয়া গাঁও খেলপথাৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনি উদ্বোধন কৰে শিল্পী কৃষ্ণমনি নাথে। শতাধিক প্ৰতিযোগীৰ কন্ঠত প্ৰাণ পাই উঠে প্ৰাণৰ শিল্পীগৰাকীৰ এটাৰ পিছত আনটো চিৰসেউজ গান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/18/ujjjd-2025-11-18-20-16-53.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিযোগিতা খনত বিচাৰকৰ আসন অলংকৃত কৰে জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া আৰু গীতিকাৰ,সুৰকাৰ তথা সংগীত পৰিচালক মৃনালকান্তি মেধিয়ে। অনুষ্ঠানটিত বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় জুবিন গাৰ্গ সৈতে বিগত ৩টা দশক বাদ্য সংগত কৰা বন্ধু তথা সহযোগী ৰাজা বৰুৱাকো। অঞ্চলটোৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে জুবিন গাৰ্গৰ ওপজা দিনত লৈ আয়োজন কৰা এই অনুষ্ঠানত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/18/asass-2025-11-18-20-15-09.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us