/asomiyapratidin/media/media_files/2025/11/28/ujjjdd-2025-11-28-21-36-38.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাওঁঃ বক্সাৰ স্বামী আৰু শিক্ষয়ত্ৰী পত্নীৰ মাজত তীব্ৰ বাকযুদ্ধ। স্বামী স্ত্ৰীৰ পৰিকীয়া প্ৰেমক লৈ উত্তাল হৈ পৰে উৰিয়াগাঁও চাৰিআলি। স্বামীৰ অভিযোগ এজন শৰীৰ চর্চাবিদৰ লগত সম্পৰ্ক পত্নীৰ আৰু আনহাতে পত্নীৰ অভিযোগ এগৰাকী বক্সাৰৰ লগত সম্পৰ্ক স্বামীৰ। ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে দুই ঘৰৰ পৰিয়াল আহিও বাকযুদ্ধত লিপ্ত হয়।
উল্লেখ্য যে, স্বামী নগাঁৱৰ এজন বক্সাৰ প্ৰশিক্ষক আনহাতে পত্নী নগাঁৱৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষয়ত্ৰী। পত্নীৰ অভিযোগ স্বামীৰ পৰকীয়া প্রেম ধৰিব আহি হাতে -লুটে স্বামীৰ অবৈধ সম্পৰ্ক ধৰে তাৰ বিপৰীতে স্বামীৰ অভিযোগ পত্নীৰ অবৈধ সম্পৰ্ক ধৰিব আহি এই বাকযুদ্ধ ।
প্ৰায় ১ ঘণ্টা ধৰি এই পৰকীয়া প্ৰেমৰ লৈ উত্তপ্ত হোৱা ঘটনাই উত্তাল কৰি তোলে উৰিয়াগাঁও বাইপাছ চাৰিআলি । ঘটনা এনে ৰূপ পায় যে স্বামী আৰু পত্নীৰ দুই ঘৰৰ পৰিয়াল আহিও বাকযুদ্ধত লিপ্ত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us