ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত 'গান্ধাৰ'ৰ বিহু...

ঢোল ,পেঁপা, গগনা , বিহু গীত,  হুচৰিয়ে উপস্হিত সকলোকে পুলকিত কৰি তুলিলে ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ খেলপথাৰৰ  বিহুতলী ।”গান্ধাৰ “ উদ্যোগত অনুষ্ঠিত সদৌ অসম মুকলি বিহু ২০২৫ ক লৈ উখল মাখল পৰিবেশৰ সূচনা হয়  উৰিয়াগাঁৱত

author-image
Asomiya Pratidin
New Update
new ap webff 3  (1)

ডিজিটেল সংবাদ,নগাঁও: ঢোল ,পেঁপা, গগনা , বিহু গীত,  হুচৰিয়ে উপস্হিত সকলোকে পুলকিত কৰি তুলিলে ঐতিহ্যমণ্ডিত উৰিয়াগাঁৱৰ খেলপথাৰৰ  বিহুতলী ।”গান্ধাৰ “ উদ্যোগত অনুষ্ঠিত সদৌ অসম মুকলি বিহু ২০২৫ ক লৈ উখল মাখল পৰিবেশৰ সূচনা হয়  উৰিয়াগাঁৱত

Advertisment
00aa713a-9c85-4fbf-9305-c11f377ee71b

কাৰ্যসূচী অনুসৰি সদৌ অসম ভিত্তিত জেং বিহু প্ৰতিযোগিতা , সদৌ অসম ঢোল পেপা গগনা বাদন অনুষ্ঠান , সাত বিহু সাত বিহু নাচ , সম্বৰ্দ্ধনা আৰু অভিধা প্ৰদান , বাৰেৰহনীয়া সমন্বয় অনুষ্ঠান , ২০০ শিল্পীৰ দ্বাৰা ঝুমুৰ অনুষ্ঠান লগতে সম্বৰ্দ্ধনা লগতে দাপোনমতী(বোৱাৰী) , যৌৱনমতী(গাভৰু), কাচোনমতী(কন্যা), বিহুনাচ প্ৰতিযোগিতা অনুষ্ঠিত হয় । 

e3945357-b80d-4e02-af88-47737fc39651

বিহুতলিত প্ৰথমে বন্তি প্ৰজলনৰে কাৰ্যসূচী আৰম্ভ কৰা হয় । নাৰায়ন বনিয়া, পল্লৱ জ্যোতি মহন্ত, লিলি সন্ধিকৈয়ে বন্তি প্ৰজলন কৰে । গান্ধাৰৰ প্ৰধান সম্পাদক প্ৰদীপ বৰাই আঁত ধৰা অনুষ্ঠানটিৰ পিছতে বিহু কৰ্মশালাত অংশ লোৱা প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা ঢোল বাদন আৰু হূচৰি পৰিবেশন কৰা হয় । 

e573a7fd-4329-4b9a-8a8d-ebb320634483

 ইয়াৰ পিছতে কৰ্মশালাৰ প্ৰশিক্ষক সকলক সৰ্ম্বধনা জনোৱা হয় । প্ৰশিক্ষক সকল হৈছে ছয়নিকা কাশ্যপ , প্ৰদুম প্ৰসাদ শইকীয়া , চন্দ্ৰ শইকীয়া , প্ৰবিত্ৰ বৰা , গগন চৌধুৰী ,আনন্দ শইকীয়া , ভূৱন চন্দ্ৰ দাস ।  এই বিহুৰ অনুষ্ঠানতে মাধুৰীমা চৌধুৰীক কলিমতি( বিহুৰ দেৱী) অভিধা প্ৰদান কৰে গান্ধাৰে । লগতে মৃনাল কুমাৰ বৰাক নট সিন্ধু অভিধা প্ৰদান কৰে । অনুষ্ঠানত ঢোলৰ ওজা সোম নাথ বৰাই বিশেষ ভাবে উপস্হিত থাকি কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

5a23c1dc-c6e2-443b-84c2-203ee57db677

 

দিগন্ত ভাৰতী