জুবিন গাৰ্গৰ স্মৃতিচাৰণ আৰু মাহেকীয়া অনুষ্ঠান সম্পন্ন...

বিধায়ক ৰূপক শৰ্মাই জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত জুবিন গাৰ্গ স্মৃতি ক্ষেত্ৰ আৰু উৰিয়া গাঁৱত জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-19 at 6.44.05 PM

ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ নগাঁও জিলাৰ উৰিয়া গাঁও আঞ্চলিক যুৱক বৃন্দৰ উদ্যোগত আৰু অঞ্চলটোৰ সমূহ ৰাইজৰ সহযোগত দেওবাৰে উৰিয়া গাঁও খেলপথাৰত অসমবাসীৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত স্মৃতিচাৰণ আৰু মাহেকীয়া অনুষ্ঠান ভাগ অনুষ্ঠিত কৰা হয়।

পুৱা নাহৰ পুলি ৰোপণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে চিকিৎসক ডা: লতিফুৰ ৰহমানে। ইয়াৰে পিছতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উৰিয়া গাঁও আঞ্চলিক যুৱক বৃন্দৰ সভাপতি বিকি হাজৰিকা, বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়া, যুৱক বৃন্দৰ বিষয়ববীয়া আৰু স্থানীয় জুবিন গাৰ্গৰ অনুৰাগীসকলে।তাৰ পিছতেই স্থানীয় ভকত বৃন্দৰ দ্বাৰা নাম প্ৰসংগৰ অন্তত কীৰ্তন পাঠ কৰা হয়।

WhatsApp Image 2025-10-19 at 6.14.09 PM

দুপৰীয়া শিল্পী জুবিন গাৰ্গৰ স্মৃতিত প্ৰস্তুত কৰি উলিওৱা স্মৃতিগ্ৰন্থ "জুবিন অনন্য সুৰৰ সুষমা" শীৰ্ষক স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। গ্ৰন্থ উন্মোচনী ভাষণত বিধায়ক ৰূপক শৰ্মাই কয়-জুবিন গাৰ্গক বিষয়ে আমি যিমান খিনি জানো।তাতকৈ তেওঁ বহু ওপৰৰ ব্যক্তি আছিল।মই ভাবো জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। তেওঁ এতিয়াও আমাৰ মাজত জীয়াই আছে। জুবিন গাৰ্গে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত বহু অৱদান আগবঢ়াই থৈ গৈছে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক আমি জুবিন গাৰ্গৰ আদৰ্শৰে আগুৱাই নিব লাগিব।

ইফালে, যুৱক বৃন্দৰ বিষয়ববীয়া মৃদুল হাজৰিকা আৰু ৰাজ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত বিধায়ক শৰ্মাই আৰু কয়-জুবিন গাৰ্গৰ মাহেকীয়া অনুষ্ঠানত প্ৰকাশ কৰা এই স্মৃতিগ্ৰন্থখনৰ যোগেদি উঠি অহা প্ৰজন্মই জুবিন গাৰ্গৰ বিষয়ে অধ্যয়ন কৰাৰ সুবিধা হব। ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত জুবিন গাৰ্গ স্মৃতি ক্ষেত্ৰ আৰু উৰিয়া গাঁৱত জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে।

WhatsApp Image 2025-10-19 at 6.41.40 PM

অনুষ্ঠানত জনপ্রিয় কণ্ঠ শিল্পী কৃষ্ণমনি নাথে শিল্পী জুবিন গাৰ্গক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি ভাষণ প্ৰদান কৰে। উন্মোচনী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক প্ৰদীপ কুমাৰ বৰা, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, অধ্যাপক তথা লেখক ডঃ ত্ৰিদীপ গোস্বামী, বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়া, সমাজকৰ্মী পিতাম্বৰ শইকীয়া, লেখিকা তথা বিষয় শিক্ষয়ত্ৰী প্ৰহেলিকা কৌশিক প্ৰমুখ্যে উৰিয়া গাঁও আঞ্চলিক যুৱক বৃন্দৰ কৰ্মকৰ্তা আৰু স্থানীয় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

আনহাতে, দুপৰীয়া প্ৰসাদ বিতৰণ আৰু অন্ন স্পৰ্শৰ অন্তত দিহানাম পৰিবেশন কৰা হয়। দিহানাম কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অভিনেতা যতীন বৰাই। সন্ধ্যা বন্তি প্ৰজ্বলন,সমূহীয়া প্ৰাৰ্থনা আৰু সমবেত কণ্ঠত "মায়াবিনী" শীৰ্ষক কালজয়ী গীতটো পৰিবেশন কৰা হয়।

জুবিন জুবিন গাৰ্গ