উৰিয়াগাঁৱত যুৱ-ছাত্ৰ পৰিষদে নিৰ্মাণ কৰিব 'জুবিন গাৰ্গ সোঁৱৰণী মুকলি মঞ্চ'

জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক কাৰণ ৰাজহুৱা কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
gandhar 26

ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক কাৰণ ৰাজহুৱা কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিয়ে। শুকুৰবাৰে সংগঠনটোৱে উৰিয়াগাঁৱৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি অসমৰ আটাইৰে মৰমৰ,হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি চিৰ যুগমীয়া কৰিবলৈ বহু কেইটা সিদ্ধান্ত ৰাইজক অৱগত কৰে। 

এই সংবাদমেলত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া সহিতে উৰিয়া গাঁও আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰা আৰু সাধাৰণ সম্পাদক শুভ্ৰজিৎ গগৈয়ে উল্লেখ কৰে যে-উৰিয়াগাওঁ চকৰ সমীপত এখন জুবিন গাৰ্গ সোঁৱৰণী মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব। য'ত পেছাদাৰী শিল্পীয়েই হওঁক অথবা অপেছাদাৰী শিল্পীয়েই হওঁক সকলোৱে সংগীতৰ বিভিন্ন অনুষ্ঠান তথা চৰ্চা নিয়মীয়াকৈ কৰিব পাৰিব। দেখা যায় যে, বিভিন্ন সৰু সৰু অনুষ্ঠানে বিভিন্ন সময়ত অৰ্থৰ অভাৱত অনুষ্ঠান এটা আয়োজন কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈ আহিছে। এই মঞ্চ খনৰ পৰা সেই অভাৱ দূৰ হ'ব বুলি ক'ব পাৰিব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে।

আনহাতে এই মঞ্চখনত নগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধাৰৰ সহযোগত এখন জুবিন গাৰ্গ সংগীত বিদ্যালয় শীঘ্ৰে মুকলি কৰা হ'ব বুলি জানিবলৈ দিছে সংগঠনটোৱে। য'ত গুৰুজনাৰ অমৰ সৃষ্টি খোল তাল নাগাৰাৰ পৰা জুবিন গাৰ্গৰ সংগীত শৈলীলৈকে চৰ্চা হ'ব। 

উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একালৰ প্ৰাক্তন সতীৰ্থ তথা সংগঠনটোৰ লগত জুবিন গাৰ্গৰ গাঢ় সম্পৰ্কৰ কথা শিল্পীজনেই নিজেই মঞ্চত কোৱা কথাখিনি সম্পৰ্কে সুঁৱৰি শিল্পী জনাৰ স্মৃতিত মঞ্চৰ সমীপতে এটি আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ব বুলি সংবাদমেলত অৱগত কৰে। শিল্পী জনাৰ স্মৃতি যাউতিযুগীয়া কৰিবলৈ লোৱা বৰ্ষজোৰা আটাইকেইটা পদক্ষেপ কাৰ্যত: ৰূপায়নৰ উদ্দেশ্যে ৰাইজৰ দিহা পৰামৰ্শ তথা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে সংগঠনটোৱে।

জুবিন জুবিন গাৰ্গ