চিৰাং জিলাৰ কাশিকোত্ৰাৰ উৰ্ব্বশী ব্ৰহ্ম মেমৰিয়েল হাইস্কুলত উত্তপ্ত পৰিস্থিতি

শিক্ষক দিৱসৰ দিনা প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত তিনিজনকৈ ছাত্ৰ আহত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে চিৰাং জিলাৰ কাশিকোত্ৰাৰ উৰ্ব্বশী ব্ৰহ্ম মেমৰিয়েল হাইস্কুলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

author-image
Asomiya Pratidin
New Update
new ap web 1 (21)

ডিজিটেল সংবাদ, চিৰাংঃ শিক্ষক দিৱসৰ দিনা প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত তিনিজনকৈ ছাত্ৰ আহত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে চিৰাং জিলাৰ কাশিকোত্ৰাৰ উৰ্ব্বশী ব্ৰহ্ম মেমৰিয়েল হাইস্কুলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বিটিচি আক্ৰাছুসহ কেইবা শতাধিক উত্তেজিত অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে প্ৰধানশিক্ষক ক্ৰুছেব গয়াৰীক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰধানশিক্ষক ক্ৰুছেব গয়াৰী হায় হায়, প্ৰধানশিক্ষক ক্ৰুছেব গয়াৰীক বৰ্খাস্ত কৰক, প্ৰধানশিক্ষক ক্ৰুছেব গয়াৰীক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে উৰ্বশী ব্ৰহ্ম মেমৰিয়েল হাইস্কুল চৌহদ উত্তাল কৰি তোলে। উল্লেখ্য যে কালি বিদ্যালয়ত শিক্ষক দিৱসৰ কাৰ্য্যসূচী চলাকালীন উচ্চস্বৰত সঙ্গীত বজাই নৃত্য কৰাক লৈ দুই ছাত্ৰ গোটৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল তাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ নামত প্ৰধানশিক্ষক ক্ৰুছেব গয়াৰীয়ে বাঁহৰ এছাৰিৰে তিনিগৰাকী ছাত্ৰক প্ৰহাৰ কৰিছিল।

প্ৰধানশিক্ষক ক্ৰুছেব গয়াৰীৰ প্ৰহাৰত আহত ছাত্ৰ সকল ক্ৰমে নৱম শ্ৰেণীৰ ছাত্ৰ গকুল বৰ্মন, তুহিন বৰ্মন আৰু সপ্তম শ্ৰেণীৰ আকাশ বৰ্মন। শাসন কৰাৰ নামত ছাত্ৰ তিনিজনক অমানৱীয় প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি কাশিকোত্ৰাত অভিভাৱক সকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পিছত শুকুৰবাৰে নিশাই ক্ষুদ্ধ অভিভাৱক সকলে প্ৰধানশিক্ষক ক্ৰুছেব গয়াৰীৰ বিৰুদ্ধে চিদলী থানাত এজাহাৰ দাখিল কৰে।

পিছে, শনিবাৰৰ পুৱালৈকে চিদলী থানাৰ আৰক্ষীয়ে প্ৰধান শিক্ষক ক্ৰুছেব গয়াৰীৰ বিৰুদ্ধে কোনোধৰণৰ আইনী ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰি কেইবা শতাধিক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে প্ৰধানশিক্ষক ক্ৰুছেব গয়াৰীক চাকৰিৰ পৰা বৰ্খাস্ত আৰু গ্ৰেপ্তাৰ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

স্থানীয় দল সংগঠনৰ লগতে অভিভাৱক সকলৰ অভিযোগ যে, এই গৰাকী প্ৰধান শিক্ষক ক্ৰুছেব গয়াৰীয়ে ইয়াৰ আগতেও অষ্টম, নৱম শ্ৰেণীৰ ছাত্ৰীক শাৰীৰিক ভাবে প্ৰহাৰ কৰিছিলে যি বিষয়টো সমাধান কৰিবলৈ বিদ্যালয়ত মেল মিটিং অনুষ্ঠিত হৈছিল। এইগৰাকী প্ৰধানশিক্ষকে ছাত্ৰ ছাত্ৰীক শাসন কৰাৰ নামত কেতিয়াবা এছাৰিৰ কোব, কেতিয়াবা ভৰিৰ চেণ্ডেলেৰে কোবোৱা আনকি নৱম শ্ৰেণীৰ ছাত্ৰীক ভৰিৰে গতিয়াই দিয়াৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰে এগৰাকী বৃদ্ধা অভিভাৱকাই। 

ইপিনে আজি উৰ্ব্বশী ব্ৰহ্ম মেমৰিয়েল হাইস্কুলত এই উত্তপ্ত পৰিস্থিতি থকাৰ সময়ত বিদ্যালয়ত আহি উপস্থিত হয় চিদলী ৰাজহচক্ৰ বিষয়া নৱজিৎ দাস, চিৰাং জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় কুমাৰ বৈষ্ণৱ, চিদলীৰ আৰক্ষী চক্ৰ বিষয়া দেৱজিত শৰ্মা  আৰক্ষীৰ লোক উপস্থিত হৈ উত্তেজিত অভিভাৱক আৰু ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হয়।

আনহাতে, প্ৰধান শিক্ষক ক্ৰুছেব গয়াৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, শিক্ষক দিৱসৰ কাৰ্য্যসূচী চলি থকাৰ মাজতে কেইজনমান ছাত্ৰই মদ্যপান কৰি বিদ্যালয় চৌহদত উচ্চস্বৰত সঙ্গীত বজাই উদ্দাম নৃত্য কৰাৰ উপৰি মাৰপিটৰ ঘটনাত লিপ্ত হয়। তাৰপিছত বিদ্যালয়ৰ অনুশাসন ব্যৱস্থা বজাই ৰখাৰ বাবে প্ৰহাৰ কৰিছিলো বুলি স্বীকাৰ কৰে প্ৰধান শিক্ষকগৰাকীয়ে। 

ইফালে, শনিবাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উত্তেজিত ৰাইজৰ মাজৰ পৰা প্ৰধান শিক্ষক ক্ৰুছেব গয়াৰীক আৰক্ষীৰ বাহনত তুলি লৈ যোৱাৰ চেষ্টা কৰে যদিও পিছত উত্তেজিত অভিভাৱক আৰু ছাত্ৰ সংগঠনে আৰক্ষীৰ বাহনক বাধা প্ৰদান কৰে। ইয়াকে লৈ আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱা পৰিলক্ষিত হয় যদিও পিছত আৰক্ষীয়ে প্ৰধান শিক্ষক ক্ৰুছেব গয়াৰীক চিদলী থানাত লৈ যায়।

চিৰাং আৰক্ষী চিৰাং