/asomiyapratidin/media/media_files/2025/11/29/urangd-2025-11-29-16-04-39.jpg)
ডিজিটেল সংবাজ, ওৰাংঃ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রতিবেদন আজি মন্ত্রী গোটে বিধানসভাত দাখিল কৰাৰ সময়তেই ওদালগুৰি জিলাৰ ওৰাঙত প্রতিবাদ জনজাতীয় শিক্ষার্থী সকলৰ। ওৰাঙৰ কলাগুৰু বিষ্ণু প্রসাদ ৰাভা স্নাতক মহাবিদ্যালয়ৰ প্রৱেশ পথত প্রতিবাদত বহে শিক্ষার্থী সকলে।
হিমন্ত বিশ্ব শর্মা হায় হায়, ৰণোজ পেগু হায় হায়, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক আদি শ্লোগান দিয়ে শিক্ষার্থী সকলে। কোনো কাৰণত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক মানি নোলোৱাৰ হুংকাৰ প্রতিবাদী শিক্ষার্থী সকলৰ।
জনজাতিকৰণৰ জড়িয়তে তেওঁলোকৰ পূর্বৰ যি সাংবিধানিক অধিকাৰ সেয়া কাঢ়ি নিব খোজা বুলি মন্তব্য প্রতিবাদী শিক্ষার্থী সকলৰ। আনহাতে, জনজাতিকৰণৰ বিষয়ত BTC চৰকাৰে NOC প্রদান কৰাত ক্ষোভ প্রবিদাবী শিক্ষার্থীসকলৰ। কিহৰ স্বার্থত হাগ্রামা মহিলাৰীয়ে এনে কার্য সংঘটিত কৰিলে বুলি প্রশ্ন প্রতিবাদকাৰীসকলৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us