/asomiyapratidin/media/media_files/2026/03/03/219-2026-03-03-23-35-10.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ : অসম আৰক্ষীৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা জখলাবন্ধা আৰক্ষী থানাৰ মঙলবাৰে নতুন গৃহৰ শুভ উদ্বোধন অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি অনা গায়ন-বায়নৰ দলটি ক্ষুন্ন হৈ পৰা পৰিলক্ষিত হয় জখলাবন্ধা আৰক্ষী চৌহদত। অসম আৰক্ষীৰ মধ্য মণ্ডলৰ মহাপৰিদৰ্শক ড০ জি ভি শিৱপ্ৰসাদে জখলাবন্ধা আৰক্ষী থানাৰ নতুন গৃহৰ শুভ উদ্বোধন কৰাৰ কথা আছিল।
শুভ উদ্বোধন উপলক্ষে মহাপৰিদৰ্শকগৰাকীক গাৰ্ড অৱ অনাৰ আগবঢ়োৱাৰ লগতে স্থানীয় গায়ন-বায়নৰ দলটিক আমন্ত্ৰণ কৰা হৈছিল উদ্বোধনী অনুষ্ঠানটিলৈ। নতুন গৃহটিৰ ভিতৰত বৈদিক ৰীতি-নীতিৰে পূজা -পাতল কৰি যাৱতীয় সকলো কাম সম্পূৰ্ণ কৰা হ'ল যদিও ব্যস্ততাৰ অজুহাতত গৃহটিৰ ফিটা কটা অনুষ্ঠান আৰু ফলক উন্মোচন অনুষ্ঠান বাতিল কৰিলে শীৰ্ষ আৰক্ষী বিষয়া মহাপৰিদৰ্শক ড০ জি ভি শিৱপ্ৰসাদে।
উদ্বোধনী অনুষ্ঠানৰ সকলো কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পিছত হঠাতে থানা গৃহ উদ্বোধনৰ কাৰ্যসূচী বাতিল হোৱাত আক্ষেপ প্ৰকাশ কৰে গায়ন-বায়নৰ দলটিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us