/asomiyapratidin/media/media_files/2026/01/08/whatsapp-image-2026-2026-01-08-20-38-47.jpeg)
ডিজিটেল সংবাদ, চিৰাংঃ ইউপিপিএল দলে এনডিএৰ সঙ্গ ত্যাগ কৰাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে। ভোগালী বিহুৰ পিছতে ইউপিপিএল দলৰ মজিয়াত আলোচনা কৰি এই বৃহৎ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনাৰ ইঙ্গিত প্ৰদান কৰিলে প্ৰমোদ বড়োৱে। আজি চিৰাঙৰ কাজলগাঁৱত সংবাদ মাধ্যমৰ আগত তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ইউপিপিএল দলৰ সভাপতি গৰাকীয়ে।
প্ৰমোদ বড়োৱে উল্লেখ কৰে যে, ইউপিপিএলত দলে আগন্তুক বিধানসভা নিৰ্বাচনত বিটিচি এলেকাত ১৫ টা সমষ্টি আৰু বিটিচিৰ বাহিৰত ৮ ৰ পৰা ১০ টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বৰ্তমান সময়ত কংগ্ৰেছ দলৰ সৈতে ইউপিপিএল দলৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে নেকি কৰা প্ৰশ্ন সন্দৰ্ভত প্ৰমোদ বড়োই কয় যে, আমি এতিয়াও এনডিএ মিত্ৰজোঁটৰ চৰকাৰত আছোঁ। দলৰ মজিয়াত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈ আছে কিন্তু এককভাবে কোনো ৰাজনৈতিক দলৰ সৈতে আমাৰ ইউপিপিএল দলৰ কোনো ধৰণৰ আলোচনা হোৱা নাই। কিছুদিন পিছত আমি এটা দলৰ চিন্তন বৈঠক অনুষ্ঠিত কৰিম। আমাৰ দলৰ কেন্দ্ৰীয় অধিবেশন অনুষ্ঠিত হব। তাৰ পিছতেই আমি আমাৰ দলৰ ৰাজনৈতিক সিদ্ধান্তবোৰ গ্ৰহণ কৰিম। আজি চিৰাং জিলাৰ কাজলগাঁৱত ইউপিপিএল দলৰ এক দলীয় যোগদান সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে প্ৰমোদ বড়োৱে।
তেওঁ লগতে উল্লেখ কৰে যে, ২৬ টা জাতি জনগোষ্ঠীৰ ভাষা, সংস্কৃতিৰ পৰিচয়, স্ব-ভূমি সমস্যা লৈ ইউপিপিএল দলে বিধানসভা নিৰ্বাচনত ৰাজনৈতিক ৰোড মেপ তৈয়াৰ কৰি অনাগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।
আনপিনে হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ শাসনভাৰ লোৱাৰ দুমাহ পিছতেই কেনেদৰে বিটিচিৰ শান্তিৰ পৰিৱেশ কিদৰে সলনি হৈছে সেই কথা উল্লেখ কৰি প্ৰমোদ বড়োই কয় যে, আমাৰ ইউপিপিএল দলৰ পাঁচ বছৰীয়া শাসনকালত এই বিটিআৰ এলেকাত মেলাৰ নামত মুকলি জুৱা, অবৈধ লটাৰী খেল, হত্যা -হিংসাৰ দৰে সকলোবোৰ অসামাজিক কাৰ্য্যকলাপ বন্ধ আছিলে, কিন্তু হাগ্ৰামা মহিলাৰীৰ শাসনভাৰ লোৱাৰ দুমাহৰ ভিতৰতে বিটিআৰ এলেকাত মেলাৰ নামত কিদৰে মুকলি জুৱা, অবৈধ লটাৰীখেল আৰু হত্যা -হিংসাৰ দৰে পৰিৱেশ বৃদ্ধি পাইছে সেয়া বিটিআৰ এলেকাৰ ৰাইজে উপলব্ধি কৰি আছে বুলি অভিযোগ উত্থাপন কৰে নেতা গৰাকীয়ে।
উল্লেখ্য যে, আজি চিৰাং জিলা ইউপিপিএল কাৰ্য্যালয়ত অনুষ্ঠিত দলীয় যোগদান সভাত চিৰাং জিলা কংগ্ৰেছ আৰু ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰ এম চিৰ প্ৰাক্তন নেতাসহ প্ৰায় ৫০ জন সদস্যই আনুষ্ঠানিক ভাবে ইউপিপিএল দলত যোগদান কৰে। কংগ্ৰেছ আৰু আৰ এম চিৰ পৰা যোগদান কৰা নেতাই কয় ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ শাসকীয় দলত নাথাকি ইউপিপিএল দলত যোগদান কৰিছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us