আঞ্চলিক দলৰ পৰা ৰাষ্ট্ৰীয় দললৈ পৰিণত হ'ব ইউ পি পি এল!

বিটিচিৰ আঞ্চলিক ৰাজনৈতিক দল ইউপিপিএল দলটো অসমৰ লগতে মণিপুৰ , মেঘালয় গাৰো হিলছৰ উপৰিও উত্তৰ পূৱৰ বহু ৰাজ্যত দল সম্প্ৰসাৰণৰ পৰিকল্পনা আছে। বহু

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ আঞ্চলিক ৰাজনৈতিক দল ইউপিপিএল দলটো অসমৰ লগতে মণিপুৰ , মেঘালয় গাৰো হিলছৰ উপৰিও উত্তৰ পূৱৰ বহু ৰাজ্যত দল সম্প্ৰসাৰণৰ পৰিকল্পনা আছে। বহু ৰাজ্যৰ জনতাই ইউপিপিএলক বিচাৰিছে । এই মন্তব্য কৰিছে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে ৷ আজি কোকৰাঝাৰত আয়োজিত এক সাংবাদিকমেলত ৰাজু কুমাৰ নাৰ্জাৰীয়ে উক্ত মন্তব্য কৰি আগন্তুক বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে  বিটিচিৰ উপৰিও অসমৰ আন সমষ্টিতো প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি সদৰি কৰিছে ৷

ইউপিপিএল দলে আগন্তুক বিধানসভা নিৰ্বাচনত ২৭-২৮ খন আসনতো নিৰ্বাচন খেলিব পাৰে বুলি সদৰি কৰি ৰাজু কুমাৰ নাৰ্জাৰীয়ে সাংবাদিকমেলত কয় যে অহা ডিচেম্বৰত অনুষ্ঠিত হ'ব ইউপিপিএলৰ ত্ৰি-বাৰ্ষিক অধিবেশন ৷ উক্ত অধিবেশনতে ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনক লৈ ইউপিপিএলে ৰণনীতি  প্ৰস্তুত কৰিব ৷

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই  ইউপিপিএল দল অধিক শক্তিশালী হব বুলি মন্তব্য কৰি অহা ১ নৱেম্বৰৰ পৰা এসপ্তাহজোৰা বিটিচিৰ ইমুৰৰ পৰা সিমুৰলৈ মটৰচাইকেল ৰেলী বাহিৰ কৰা হব ৷ ইপিনে এন ডি এৰ সৈতে সম্পৰ্ক ছেদৰ কোনো আনুষ্ঠানিক সিদান্ত লোৱা হোৱা নাই বুলি সদৰি কৰি ৰাজু নাৰ্জাৰীয়ে কয় যে ২০২৫ চনলৈ বিটিচিত এনডিএৰ সৈতে মিত্ৰতা আছিল আৰু ২০২৬ চনৰ নিৰ্বাচনলৈ ৰাজ্যত এনডিএৰ সৈতেই মিত্ৰতা থাকিব ।

লগতে ২০২৯ চনৰ নিৰ্বাচনলৈ কেন্দ্ৰত এনডিএৰ সৈতে মিত্ৰতা থাকিব বুলি কয় ৰাজু কুমাৰ নাৰ্জাৰীয়ে ৷ কিন্তু  ইয়াৰ পূৰ্বে মিত্ৰতা ভংগৰ প্ৰেক্ষাপট আহিলে বা তেনে কোনো পৰিৱেশৰ সৃষ্টি হলে দলে সিদ্ধান্ত লব বুলিও স্পষ্ট কৰি দিছে ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে ৷

প্ৰমোদ বড়ো