মুছলপুৰত ইউপিপিএলৰ বৃহৎ সংকল্প সভাত অংশগ্ৰহণ প্ৰমোদ বড়োৰ

বাক্সা জিলাৰ ২৫ নং বাগানপাৰা, ২৪ নংৰ মুছলপুৰ, ২৩ নং দিহিৰা, ২২ নং ককলাবাৰী সমষ্টিৰ সংকল্প সভাত অংশগ্ৰহণ কৰে প্ৰমোদ বড়োৱে।

author-image
Asomiya Pratidin
New Update
pramud

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ ২৫ নং বাগানপাৰা, ২৪ নংৰ মুছলপুৰ, ২৩ নং দিহিৰা, ২২ নং ককলাবাৰী সমষ্টিৰ সংকল্প সভাত অংশগ্ৰহণ কৰে প্ৰমোদ বড়োৱে। এই সংকল্প সভাৰ পৰাই বিজয় নিশ্চিত বুলি মন্তব্য কৰে নেতাগৰাকীয়ে। 

সভাত প্ৰমোদ বড়োৱে সদৰি কৰে যে, "পূৰ্বৰে পৰা অবিভক্ত বাক্সা জিলা ইউপিপিএলৰ দুৰ্গ আছিল। আজি জনসাধাৰণ ওলাই আহিছে । এটা সময়ত এই অঞ্চলত হিংসাৰ পৰিৱেশ আছিল, এতিয়া সেই পৰিৱেশ নাই। বড়ো অনাবড়ো ৰাজনীতিৰ বাবে আমাৰ এই অঞ্চল পিছ পৰি আছিল। এতিয়া ইউপিপিএলৰ সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যোৱা মিছনক সকলোৱে সমৰ্থন কৰিছে। আজি বিটিআৰৰ সকলো সমষ্টিৰ জনসভা জনসমুদ্ৰত পৰিণত হৈছে। ২০২৫ চনৰ বিটিচি নিৰ্বাচনত একক সংখ্যাগৰিষ্টৰে ইউপিপিএলে চৰকাৰ গঠন কৰিব" বুলিও মন্তব্য় কৰে প্ৰমোদ বড়োৱে। 

WhatsApp Image 2025-09-07 at 7.45.51 PM

ইফালে, "হাগ্ৰামা মহিলাৰীয়ে দুৰ্গাপুজাৰ আগত বিপিএফে চৰকাৰ গঠন কৰিব বুলি কৰা মন্তব্য সম্পৰ্কত প্ৰমোদ বড়োই কয়, হাগ্ৰামা মহিলাৰীয়ে কি কয় কি নকয় মই নাজানো, ৰাইজৰ সুখ দুখত যি দলে থাকিব সেইটো দলকে ৰাইজে বিচাৰিব। মই বড়োলেণ্ডৰ ৰাইজৰ সুখ দুখ বুজি পাওঁ" বুলি কয় নেতাগৰাকীয়ে। 

WhatsApp Image 2025-09-07 at 7.45.52 PM

তেওঁ লগতে উল্লেখ কৰে যে, "যোৱা ৫টা বছৰত হাগ্ৰামা মহিলাৰী ৰাইজৰ লগত নাছিল। এতিয়া নিৰ্বাচনৰ কাৰণে ওলাই আহিছে, সেই কথা সকলো ৰাইজে জানে। এতিয়া ভয় ভাবুকিৰ ৰাজনীতি নাই, হাগ্ৰামাৰ যাদুৰ লাঠি ভাঙি গল। হাগ্ৰামাৰ কোনো কথা বাস্তৱত ৰূপায়ন নহয়" বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।

WhatsApp Image 2025-09-07 at 7.45.53 PM

আনহাতে, "নিৰ্বাচনত যাতে কোনোধৰনৰ হিংসাত্মক কাৰ্য নহয় তাৰবাবে আহ্বান জনাই প্ৰমোদ বড়োৱে। বহুত কষ্টৰ বিনিময়ত বিটিআৰত শান্তি আহিছে, সেইটো যাতে বিঘ্নিত নহয় তাৰ বাবে সকলোকে জনায় আহ্বান। নিৰ্বাচন আহিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ আনে হাগ্ৰামাই। তেওঁৰ শাসন কালত কি কৰি আছিল" বুলিও প্ৰশ্ন কৰে প্ৰমোদ বড়োৱে।

প্ৰমোদ বড়ো