/asomiyapratidin/media/media_files/2025/08/25/hhh-2025-08-25-21-25-01.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ হেলিকপ্তাৰক লৈ ৰৌণগৌৰা নাৰ্জাৰীৰ কটাক্ষ - হাগ্ৰামা মহিলাৰীৰ হেলিকপ্তাৰ চিঙ্গেল ইঞ্জিনৰ আৰু আমাৰ ইউপিপিএল দলৰ হেলিকপ্তাৰ হব ডাবল ইঞ্জিনৰ । বিপিএফৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজিৰ পৰা হেলিকপ্তাৰে দি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী ।
১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ হৈ ডাংতল গাঁৱত এখনি নিৰ্বাচনী যোগদান সভাত ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰি বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে লগতে কাজলগাঁও সমষ্টিৰ পাৰিষদ তথা এইবেলি বিপিএফ দলৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মই বিগত সময়ছোৱাত তেখেতৰ পৰিষদীয় সমষ্টিত কোনো উন্নয়নমূলক কামকাজ কৰিবলৈ সক্ষম হোৱা নাই । যাৰ কাৰনে কাজলগাঁও সমষ্টিবাসী ৰাইজে এইবেলি তেখেতক ভোটদান নকৰে ।
বিগত পাঁচ বছৰত ইউপিপিএল দলৰ চৰকাৰে এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে বিভিন্ন চৰকাৰী আচঁনিৰ যোগে দি উন্নয়নমূলক কামকাজ কৰিছে সেয়া ৰাইজে ভালদৰে উপলব্ধি কৰিছে আৰু তাৰ ফল ৰাইজে ইউপিপিএল দলক ভোটদান কৰি বিটিচিত চৰকাৰ গঠন কৰাৰ পুনৰ সুযোগ প্ৰদান কৰিব বুলি দাবী কৰে । বিপিএফৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজিৰ পৰা হেলিকপ্তাৰে দি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ প্ৰসংগত ৰৌণগৌৰা নাৰ্জাৰীয়ে কয় যে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ হেলিকপ্তাৰ চিঙ্গেল ইঞ্জিনৰ আৰু আমাৰ ইউপিপিএল দলৰ হেলিকপ্তাৰ ডাবল ইঞ্জিনৰ হব ।
আগৰ বিটিএডিত কৈ যিহেতু বিটিআৰৰ পৰিসীমা অধিক সম্প্ৰসাৰিত হৈছে সেয়ে একেদিনাই কোকৰাঝাৰৰ পৰা গহপুৰ এলেকাত গৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাটো সম্ভৱ হৈ নুঠিব সেইবাবে সময়ৰ তাগিদাত আমিও নিৰ্বাচনী প্ৰচাৰৰ হেলিকপ্তাৰ আনি আছোঁ আৰু সেই হেলিকপ্তাৰ কিন্তু ডাৱল ইঞ্জিনৰ হব বুলি প্ৰকাশ কৰে ।আনপিনে কাইলৈ অৰ্থ্যাৎ ২৬ আগষ্টত ইউপিপিএল দলৰ ২২ জনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব ।
উক্ত প্ৰাৰ্থী তালিকাত ইউপিপিএল দলৰ বহুকেইজন ডাঙৰ ডাঙৰ নেতাৰ নাম সন্নিবিষ্ট হব । বিশেষকৈ হাগ্ৰামা মহিলাৰীয়ে অৱতীৰ্ণ হব খোজা সমষ্টিত এনে এজনক প্ৰাৰ্থীত্ব প্ৰদান কৰা হব যিজন প্ৰাৰ্থীক দেখি হাগ্ৰামা মহিলাৰী নিজেই শংকিত হৈ পৰিব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ।ইউপিপিএল দলৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পিছত ঠায়ে দলীয় অন্তকন্দল পোহৰলৈ আহিছিল কাইলৈ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পিছত তেনেকুৱা কোনো পৰিৱেশৰ সূচনা হব পাৰে নেকি ?
এই প্ৰশ্নৰ উত্তৰত ৰৌণগৌৰা নাৰ্জাৰীয়ে কয় যে ইউপিপিএল দল বৰ্তমান সময়ত এটা শক্তিশালী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সামান্তৰাল ভাবে দলৰ সদস্য সকলোৰ স্থিতিও শক্তিশালী হৈছে ! সেয়ে সবে ইউপিপিএল দলৰ দলীয় টিকট বিচাৰে। নেপালে অলপ অসন্তুষ্টি হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া । এয়া আমাৰ ইউপিপিএল দলৰ বাবে ভাল লক্ষণ বুলি মন্তব্য কৰে ।