বি টি চি নিৰ্বাচনঃ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা ইউ পি পি এলৰ...

আগন্তুক বি টি চি নিৰ্বাচনৰ বাবে এইবাৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে ইউ পি পি এল দলে। ২১ আগষ্টৰ নিশা প্ৰথমখন ১৮জনীয়া তালিকা ঘোষণা কৰাৰ পাছত এইবাৰ ১৬জনীয়া দ্বিতীয়খন তালিকা প্ৰকাশ কৰিলে দলটোৱে।

author-image
Asomiya Pratidin
New Update
UJJJJD

ডিজিটেল ডেস্কঃআগন্তুক বি টি চি নিৰ্বাচনৰ বাবে এইবাৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে ইউ পি পি এল দলে। ২১ আগষ্টৰ নিশা প্ৰথমখন ১৮জনীয়া তালিকা ঘোষণা কৰাৰ পাছত এইবাৰ ১৬জনীয়া দ্বিতীয়খন তালিকা প্ৰকাশ কৰিলে দলটোৱে।

  • ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত বাবে প্রসেন কুমাৰ ব্ৰহ্মৰ নাম ঘোষণা।
  • প্ৰসেন কুমাৰ ব্ৰহ্ম UPPL দলৰ পৰ্বতঝোৰা জিলা সমিতিৰ সভাপতি।
  • ২নং গোমা সমষ্টিত-  মৌজিদা বেগমক প্ৰাৰ্থিত্ব।
  • ৬নং কচুগাঁও - উখিল মুছাহাৰীক প্ৰাৰ্থিত্ব।
  • ১৪নং চিৰাংদুৱা-  খাম্ফা বৰগয়াৰীক প্ৰাৰ্থিত্ব।।
  • ১৬নং মিছিমা-  ৰঞ্জিত বসুমতাৰীক প্ৰাৰ্থিত্ব।
  • ১৯নং ঠুৰিবাৰী- মহম্মদ ৰঞ্জু আহমেদক প্ৰাৰ্থিত্ব।
  • ২০নং মঠানগুৰি- মাখন স্বৰ্গীয়াৰীক প্ৰাৰ্থিত্ব।
  • ২১নং শালবাৰী- জয় মুছাহাৰীক প্ৰাৰ্থিত্ব।
  • ২৩নং দিহিৰা-  ভূপেন বডোছাক প্ৰাৰ্থিত্ব।
  • ২৮নং গৈবাৰী -  প্ৰমোদ বড়োক প্ৰাৰ্থিত্ব। 
  • ৩০নং গোৰেশ্বৰ- বিপুল কুমাৰ বসুমতাৰীক প্ৰাৰ্থিত্ব।
  • ৩১নং খৈৰাবাৰী-  ধৰণী বড়োক প্ৰাৰ্থিত্ব।
  • ৩২নং ভেৰগাওঁ-  ডাওবৈছা বড়োক প্ৰাৰ্থিত্ব।
  • ৩৩নং নোনাই চেৰফাং- মাৰিয়াং তপ্পক প্ৰাৰ্থিত্ব।
  • ৩৪নং  খালিংদুৱাৰ- ৰবীন্দ্ৰ বড়োক প্ৰাৰ্থিত্ব।
  • ৩৮নং ভৈৰৱকুণ্ড- গোবিন্দ চন্দ্ৰ বসুমতাৰীক প্ৰাৰ্থিত্ব।

উল্লেখ্য যে,   প্ৰথমখন তালিকাত তালিকাত ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ বাবে উইলছন হাছদা, ৪নং জামদুৱাৰ সমষ্টিৰ বাবে চৰণজিৎ বসুমতাৰী, ৫নং চৰাবিল সমষ্টিত ৰাজু কুমাৰ নাৰ্জাৰী, ৭নং ফকিৰাগ্ৰাম সমষ্টিত আচফল হক সৰকাৰ, ৯নং বনাৰগাও সমষ্টিত ৰবিৰাম ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল। 

ইফালে ১১ বাওখুংগ্ৰী সমষ্টিত ৰঞ্জিত বসুমতাৰী, ১২নং চালাকাটি সমষ্টিত লৰেঞ্চ ইছলাৰী, ১৩নং চিৰাং সমষ্টিত ছাইখং বসুমতাৰী,  ১৫নং কলাইগাও সমষ্টিত  চন্দ্ৰন ব্ৰহ্ম, মানস চেৰফাং সমষ্টিত ধনঞ্জয় বসুমতাৰী, ককলাবাৰী সমষ্টিত মিন্টু বড়ো আৰু মুছলপুৰ সমষ্টিত ৰাকেশ ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ইউ পি পি এলে। 

বি টি চি