/asomiyapratidin/media/media_files/2025/08/09/1-2025-08-09-22-20-58.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা ইউপিপিএলৰ উদ্যোগত আজি ওদালগুৰি চহৰত উলিওৱা হব এক বিশাল সম্প্ৰীতিৰ পদযাত্ৰা। ওদালগুৰি নলবাৰী খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই সমদল চহৰখনৰ মাজেৰে শ্বহীদ বেদী হৈ ওদালগুৰি গোলমাগাওঁ হাইস্কুল খেলপথাৰত সামৰণি পৰে।
সমদলটো উদ্বোধন কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বড়োলেণ্ডত আজি শান্তি আহিছে। স্বাধীনতাৰ প্ৰায় ৭৫ বছৰ পিছত বড়োলেণ্ডলৈ শান্তি আহিছে। অঞ্চলটোৰ ৰাইজে শান্তিৰে বসৱাস কৰিবলৈ লৈছে। এই শান্তি আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব।
আমাৰ ইউপিপিএল চৰকাৰখনে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে কাম কৰিছে আৰু আগন্তুক দিনতো কাম কৰি যাব বুলি উল্লেখ কৰে। ইফালে সাংবাদিকৰ সন্মুখত মন্তব্য কৰি বড়োৱে কয়, "আমি ইউপিপিএলে শান্তি, সম্প্ৰীতি আৰু ঐক্যতাৰ এটা যাত্ৰা আৰম্ভ কৰিছো।
সকলোৰে বহু প্ৰাৰ্থনাৰ বিনিময়ত বড়োলেণ্ডত যি পৰিৱেশ সূচনা হৈছে, তাক নতুন জাগৰণৰ দ্বাৰা চিৰ যুগমীয়া কৰিব বিচাৰিছো। আমাৰ অঞ্চলৰ পৰা চিকিৎসক হওঁক, অভিযন্তা হওঁক, বিজ্ঞানী হওঁক, ভাল ভাল নেতা ওলাওক, সাংস্কৃতি প্ৰতিভাৱান লোক আগবাঢ়ি আহক।
এইবোৰ লক্ষ্য আগত ৰাখি আমি যাত্ৰাটো আৰম্ভ কৰিছো। ইয়াৰ দ্বাৰা আমাৰ অঞ্চলৰ ২৬ টা জনগোষ্ঠীক শ্ৰদ্ধাৰে একত্ৰীকৰণ কৰি আগুৱাই নিয়া, সকলো জনগোষ্ঠীক একতা পৰিচয়ৰে সকলো জাতি জনগোষ্ঠীক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ বাবে এটা সপোন ৰচনা কৰিছো।"
ইফালে আগন্তুক বিটিআৰ নিৰ্বাচনত বিজেপিয়ে অধিক আসন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণ প্ৰসঙ্গত বড়োৱে কয়, "নিৰ্বাচনত সকলোৱে বেছি আসন পাব বুলি কয়, কিন্তু ফলাফল নোলোৱালৈকে একো কব নোৱাৰে।"
একেদৰে বিপিএফ দলক কটাক্ষ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয়, "বিপিএফৰ অৱস্থা এতিয়া ভাল নহয়, প্ৰত্যেকটো নিৰ্বাচনত তেওঁলোকৰ সংখ্যা কমি আহিছে। এইবাৰ বিপিএফ দহতকৈ কম আসন লাভ কৰিব।
ডাবল ডিজিট নাপায় আৰু এইবাৰ তেওঁলোকে বিদায় লব। বিপিএফৰ দিনত আনকি ঠিকাভিত্তিক নিযুক্তিৰ ক্ষেত্ৰত লাখ লাখ টকা দিবলগীয়া হৈছিল কিন্তু বৰ্তমান আমাৰ চৰকাৰৰ দিনত সকলোৱে নিকাভাৱে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে।"
বিটিআৰ নিৰ্বাচনক লৈ বিভিন্ন প্ৰচাৰ সভাত বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি বিভিন্ন নেতা কৰ্মীয়ে কৰি অহা মন্তব্য সন্দৰ্ভত বড়োৱে কয়, "নিৰ্বাচনত বাকযুদ্ধ, কথাৰ কটাকটি হৈ থাকিব কিন্তু সেইবোৰ মাৰ্জিত হব লাগে। সাংবিধানিক শব্দ ব্যৱহাৰ কৰিব লাগে আৰু অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিব নালাগে। অখিল গগৈৰ দৰে ভাষা কোনেও ব্যৱহাৰ কৰিব নালাগে।"
আজি ইউপিপিএলৰ উদ্যোগত আয়োজিত এই সমদলত কেইৱা সহস্ৰাধিক সমৰ্থকে অ্ংশগ্ৰহণ কৰে। সমদলটোত উপস্থিত থাকে সাংসদ ৰণগৌৰা নাৰ্জাৰী, উপমূখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতিশাৰী, ইএম লিলোৎ স্বৰ্গীয়াৰী, ইউপিপিএল নেতা মাধৱ নাৰ্জাৰী, জিলা ইউপিপিএলৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰীকে প্ৰমূখ্য কৰি দলটোৰ বহু নেতা কৰ্মী।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us