বি টি চিৰ নিৰ্বাচনঃ ১৮টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰিলে ইউ পি পি এলে...

আগন্তুক বি টি চি নিৰ্বাচনৰ বাবে বি পি এফৰ পিছতে এইবাৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে ইউ পি পি এল দলে। ২১ আগষ্টৰ নিশা ঘোষণা কৰা এই তালিকাত ১৮সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰ হৈছে।

New Update
uppd

ডিজিটেল ডেস্কঃ আগন্তুক বি টি চি নিৰ্বাচনৰ বাবে বি পি এফৰ পিছতে এইবাৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে ইউ পি পি এল দলে। ২১ আগষ্টৰ নিশা ঘোষণা কৰা এই তালিকাত ১৮টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।

Advertisment

এই তালিকাত ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ বাবে উইলছন হাছদা, ৪নং জামদুৱাৰ সমষ্টিৰ বাবে চৰণজিৎ বসুমতাৰী, ৫নং চৰাবিল সমষ্টিত ৰাজু কুমাৰ নাৰ্জাৰী, ৭নং ফকিৰাগ্ৰাম সমষ্টিত আচফল হক সৰকাৰ, ৯নং বনাৰগাও সমষ্টিত ৰবিৰাম ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

ইফালে ১১ বাওখুংগ্ৰী সমষ্টিত ৰঞ্জিত বসুমতাৰী, ১২নং চালাকাটি সমষ্টিত লৰেঞ্চ ইছলাৰী, ১৩নং চিৰাং সমষ্টিত ছাইখং বসুমতাৰী,  ১৫নং কলাইগাও সমষ্টিত  চন্দ্ৰন ব্ৰহ্ম, মানস চেৰফাং সমষ্টিত ধনঞ্জয় বসুমতাৰী, ককলাবাৰী সমষ্টিত মিন্টু বড়ো আৰু মুছলপুৰ সমষ্টিত ৰাকেশ ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইউ পি পি এলে। 

jjjj

২৫নং বাগানপাৰা সমষ্টিত কান্তিৰাম বড়ো, দৰঙাবাৰী সমষ্টিত জুলেন বসুমতাৰী, নাগ্ৰাজুলি সমষ্টিত ৰবীন বালা বিশ্বাস, শুক্লাই চেৰফাং সমষ্টিত প্ৰদীপ নাৰ্জাৰী, ধনশ্ৰী সমষ্টিত ৰুজুগ্ৰা মুছাহাৰী আৰু ৪০নং ৰৌতা সমষ্টিত ড০ নিলোৎ স্বৰ্গীয়াৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা অনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ইউ পি পি এল দলে। 

উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে বি পি এফে প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰাৰ বিপৰীতে ইউ পি পি এলৰ এইখন হৈছে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। 

ইফালে বি পি এফে ঘোষণা কৰা ২২জনীয়া প্ৰথমখন প্ৰাৰ্থিত্ব তালিকাত নাম আছিল এইসকলৰঃ-

  • পর্বতঝোৰা - মুনমুন ব্ৰহ্ম
  • গুমা - অন্তাজ আলী
  • শ্ৰীৰামপুৰ - মুক্লেশ্বৰ আহমেদ
  • চৰাইবিল - মৃত্যুঞ্জয় নাৰ্জাৰী
  • যমদুৱাৰ - উইলিয়াম নাৰ্জাৰী
  • দেৱৰগাঁও - হাগ্ৰামা মহিলাৰী
  • দোতমা - প্রকাশ বসুমতাৰী
  • কচুগাঁও - ৰবিৰাম নাৰ্জাৰী
  • বাওখুংগ্ৰী - ধনেশ্বৰ গৌৰী
  • ছালাকাটি - দেহাছত বসুমতাৰী
  • নিচিমা - জেমছ বসুমতাৰী
  • কাজলগাঁও - পানীৰাম ব্ৰহ্ম
  • চিৰাং - শুকুৰছিং মুছাহাৰী
  • ছোবাইঝাৰ ধীৰাজ বৰ্গয়াৰী
  • মথাংগুৰি - বেগম আখতাৰা আহমেদ
  • দিহিৰা - অগাষ্টুছ টিপ্পা
  • দৰংগাজুলি - ইমানুৱেল মুছাহাৰী
  • গোৰেশ্বৰ - মহেশ্বৰ বসুমতাৰী
  • শুক্লাই চেৰফাং - গণেশ কছাৰী
  • খৈৰাবাৰী - লৱমছৰাও দৈমাৰী
  • ধনশ্ৰী - সতেজ মুছাহাৰী
  • ভৈৰবকুণ্ড - ৰিহন দৈমাৰী
প্ৰমোদ বড়ো