/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/8aa6bede-db2f-4bee-9168-1d2379abd036.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যত অনুষ্ঠিত হবলগীয়া উপ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ইউপিপিএল দল । কোকৰাঝাৰত আজি ইউপিপিএল দলে বিটিআৰৰ দুটা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ ইয়াৰে ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ বাবে এবছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক তথা বিটিচিৰ প্ৰাক্তন এমচিএল জিৰন বসুমতাৰীক আৰু ৫৮ নং তামোলপুৰ বিধানসভা সমষ্টিত জলেন দৈমাৰীক প্ৰাৰ্থীত্ব হিচাপে প্ৰক্ষেপ কৰিছে ৷
আজি কোকৰাঝাৰ বডোফা নগৰস্থিত ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়ত দলৰ কাৰ্যকাৰী সভাপতি ৰৌনগৌড়া নাৰ্জাৰীয়ে এক সংবাদমেল যোগে ইউপিপিএল প্ৰাৰ্থীত্বৰ কথা ঘোষণা কৰি বিটিআৰৰ দুয়োটা সমষ্টিতে ইউপিপিএলৰ প্ৰাৰ্থী নিশ্চিতভাৱে জয়ী হব বুলি দাবী কৰিছে ৷ বিটিআৰত মিত্ৰজোঁটে মিলি নিৰ্বাচনী যুঁজত অবতীৰ্ণ হব আৰু ভৱানীপুৰ বিধানসভা সমষ্টিত বিজেপি দলৰ দলীয় প্ৰাৰ্থীক ইউপিপিএল দলে সহায় কৰিব বুলি সংবাদমেলত সদৰি কৰিছে ৰৌণগৌড়া নাৰ্জাৰীৱে ।
আজি অনুষ্ঠিত হোৱা সংবাদমেলত কোকৰাঝাৰৰ পূৱ বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী , ইউপিপিএলৰ দলৰ সাধাৰন সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী আৰু বিটিচিৰ মনোনিত সদস্য মাধৱ ছেত্ৰী উপস্থিত আছিল।