/asomiyapratidin/media/media_files/2026/02/09/lkjfgklsdjfksdjkdf-2026-02-09-16-42-51.jpg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ শেহতীয়া সংবাদমেলৰ পাছতেই উজনি অসমৰ বিভিন্ন স্থানত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়। সংবাদমেলত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ স্পষ্ট উত্তৰ নিদিয়াৰ অভিযোগ তুলি একাধিক জাতীয় সংগঠনে ৰাজপথত ওলাই আহি গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সংগঠনসমূহে গৌৰৱ গগৈৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কৰাৰ লগতে তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। প্ৰতিবাদকাৰীসকলৰ অভিযোগ, পাকিস্তান হৈছে ভাৰতৰ জন্মগত শত্ৰু। গতিকে এনে এখন দেশৰ সৈতে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ গোপন সম্পৰ্ক থকাটো দেশদ্ৰোহীৰ প্ৰকৃত উদাহৰণ।
জাতীয় সংগঠনৰ নেতাই লগতে কয়- “পাকিস্তানে হাজাৰ হাজাৰ নিৰীহ ভাৰতীয়ক হত্যা কৰিছে। তেনে দেশৰ সৈতে সম্পৰ্ক ৰখা মানেই দেশদ্ৰোহী। গৌৰৱ গগৈৰ দৰে এজন সাংসদে এনে কাম কৰিলে তেওঁ সংসদত থাকিব নোৱাৰে।”
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us