/asomiyapratidin/media/media_files/2025/09/16/gcfgcfgcvgfcgfvc-2025-09-16-16-10-00.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিয়ে অহা ৪ অক্টোবৰত আহ্বান কৰিছে ১২ ঘন্টীয়া উজনি অসম বন্ধৰ। চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ লগতে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্ব শাসন প্ৰদানৰ দাবীত এই বন্ধৰ ঘোষণা কৰিছে সংগঠনটোৱে । চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়া, সাধাৰণ সম্পাদক পলাশ হাজৰিকা, প্ৰচাৰ সম্পাদক নবদ্বীপ চুতীয়াই মঙলবাৰে এক বিবৃতিৰ যোগে এই কাৰ্যসূচী ঘোষণা কৰিছে।
সংগঠনটোৰ নেতৃবৰ্গই সদৰি কৰা অনুসৰি, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত বিজেপি দল অসমৰ শাসন ক্ষমতালৈ আহিলে ১০০ দিনৰ ভিতৰতে ৰাজ্যখনৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু কেন্দ্ৰত ১৫ বছৰ ৰাজ্যত ১০ বছৰ শাসন ক্ষমতাত অধিষ্ঠিত হৈয়ো খিলঞ্জীয়াৰ সুৰক্ষাৰ এই গুৰুত্বপূৰ্ণ বিষয়টো ৰাজনৈতিকভাবে এখোজো আগ নাবাঢ়িলে।
ইফালে নিজকে অসমৰ সৰ্বময় ত্ৰাণকৰ্তা হিচাপে আত্মজাহিৰ কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ লগতে চুতীয়া জাতিৰ জাতীয় সংগঠনৰ সন্মিলিত আৰু সংঘবদ্ধ দাবীক লৈ প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ নির্লজ হেতালিহে খেলাত মত্ত হৈ থকাৰ অভিযোগ উত্থাপন কৰে। ভূমিপুত্ৰ সকলৰ সংবিধান প্ৰদত্ত দাবীক লৈ মুখ্যমন্ত্ৰীজনে চূড়ান্ত ভেঙুচালীহে প্ৰদৰ্শন কৰিলে বুলিও কৰে উল্লেখ।
আনহাতে, বিগত সময়ত ৰাজ্যজুৰি এই জনজাতিকৰণৰ দাবীত জোঁৰ সমদল অনুষ্ঠিত কৰি অসমৰ আকাশ বতাহ কঁপাই দিয়াৰ পাছত সন্মিলনে পৰৱৰ্তী সময়ত অহা ৪ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা গধূলি ৬ বজালৈ উজনি অসম বন্ধ কাৰ্যসূচী ঘোষণা কৰে। কেন্দ্ৰীয় নেতৃবৰ্গই স্বজাতিৰ সাংবিধানিক অধিকাৰ আজুৰি আনিবলৈ এই গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। সংগঠনটোৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াই এই কাৰ্যসূচী সফল কৰি তোলাৰ বাবে জ্ঞাতিবৰ্গলৈ আহ্বান জনায়।