জুলাই মাহত ইউপিআইৰ জৰিয়তে ১৯.৪৬ বিলিয়নতকৈ অধিক লেনদেন...

বিগত আঠ বছৰত ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (ইউপিআই)ৰ লেনদেন প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে বুলি বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে ২০২৫ চনৰ ১১ আগষ্টত লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কয়। তেও দিয়া তথ্য

author-image
Asomiya Pratidin
New Update
rfrff

ডিজিটেল ডেস্কঃবিগত আঠ বছৰত ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (ইউপিআই)ৰ লেনদেন প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে বুলি বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে ২০২৫ চনৰ ১১ আগষ্টত লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কয়। তেও দিয়া তথ্য অনুসৰি,  ২০১৭-১৮ চনত ইউপিআইয়ে ৯২ কোটি লেনদেন কৰিছিল।

Advertisment

২০২৪-২৫ চনত ১১৪ শতাংশ চক্রবৃদ্ধি বাৰ্ষিক বৃদ্ধিৰ হাৰত (CAGR) ১৮৫.৮৭ বিলিয়ন লেনদেনলৈ বৃদ্ধি পায়৷ লেনদেনৰ মূল্যও একে সময়ছোৱাত ১.১০ লাখ কোটি টকাৰ পৰা ২৬১ লাখ কোটি টকালৈ বৃদ্ধি হোৱা বুলিও তেওঁ কয়।

২০২৫ চনৰ জুলাই মাহতইউপিআইয়েএমাহত ১৯.৪৬ বিলিয়নতকৈ অধিক লেনদেন কৰিছিল, যিটো আৰম্ভণিৰ পিছত মাহেকীয়া সৰ্বাধিক লেনদেন। ব্যৱসায়ী আৰু ব্যৱহাৰকাৰীৰ গ্ৰহণযোগ্যতা বৃদ্ধি আৰু ভিন্ন ক্ষেত্ৰ  ধন প্ৰেৰণ কৰাত সহজতাই ইয়াক ইন্ধন যোগাইছে।

ডিজিটেল পেমেণ্ট