আৰম্ভ হ'ল ৩১ সংখ্যক উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল

মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৩১ সংখ্যক বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা। ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাখনি

author-image
Asomiya Pratidin
New Update
new ap web 5 (8)

ডিজিটেল সংবাদ, ওদালগুৰি : মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৩১ সংখ্যক বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা। ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাখনি।

WhatsApp Image 2025-11-25 at 5.43.01 PM

আজিৰ প্ৰথম কাৰ্যসূচী অনুসৰি বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে পতাকা উত্তোলন কৰে। ইউ এন ব্ৰহ্মৰ আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰে বিএচিৰ প্ৰাক্তন উপমূখ্য কাৰ্যবাহী সদস্য তথা জিলা ক্ৰীড়া সন্থাৰ উপদেষ্টা প্ৰদীপ কুমাৰ দৈমাৰীয়ে। 

আদৰণী ভাষণ পাঠ কৰে বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য তথা জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰিহণ দৈমাৰী আৰু ওদালগুৰি জিলাৰ জিলা আয়ুক্ত পুলক পাটগিৰিয়ে। ইয়াৰ পাছত বিটিচিৰ কাৰ্যবাহী সদস্য ফ্ৰেছ মোছাহাৰীৰ দ্বাৰা বল কিক্ কৰি খেল আৰম্ভ হোৱা বুলি ঘোষণা কৰে।

WhatsApp Image 2025-11-25 at 5.43.03 PM

প্ৰতিযোগিতাখনিৰ আজিৰ প্ৰথমখন খেল হৰিশিঙা আঞ্চলিক ক্ৰীড়া সন্থা বনাম বাৰহুংখা এচিৰ মাজত অনুষ্ঠিত হৈ যায়। খেলখনত বাৰহুংখাই হৰিশিঙাক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। 

খেলখনত বাৰহুংখাৰ হৈ ক্ৰমে কঙ্কন ৰাভা, সুশান্ত নাৰ্জাৰীয়ে এটাকৈ গল দিয়াৰ বিপৰীতে বিপুল বড়োৱে দুটা গল দিয়ে। আনহাতে হৰিশিঙাৰ হৈ একমাত্ৰ গলটো দিয়ে দিডম বসুমতাৰীয়ে।

ফুটবল