আজি ভূটানৰ ৰাণীক প্ৰদান কৰা হ'ব ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

ভূটানৰ ৰাণী মা মহামহিম গ্যালিউম আশী দৰজী ৱাংমো ৱাংচুকক তেওঁৰ অসাধাৰণ আৰু আজীৱন মানৱীয় অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৫ চনৰ ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক প্ৰদান কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
rterfdsfcdcs

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে ভূটানৰ ৰাণী মা মহামহিম গ্যালিউম আশী দৰজী ৱাংমো ৱাংচুকক তেওঁৰ অসাধাৰণ আৰু আজীৱন মানৱীয় অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৫ চনৰ ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক প্ৰদান কৰা হ'ব।

উপেন্দ্ৰনাথ মানৱতাৰ সৈনিক বঁটাৰ সতে আছে এখন প্ৰস্তুতিপত্ৰ, বডোফাৰ প্ৰতিকৃতি, এৰি চাদৰ, এযোৰ দখনা আৰু দুই লাখ টকাৰ চেক। উক্ত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে  অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, বিশেষ অতিথি হিচাপে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী আৰু বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো উপস্থিত থাকিব।

 উল্লেখ্য যে, ভূটানৰ ৰাণী মা মহামহিম গ্যালিউম আশী দৰজী ৱাংমো ৱাংচুক তাৰায়না ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভানেত্ৰী হিচাপে ভূটানৰ কিছুমান অতি দুৰ্গম অঞ্চলত সামগ্ৰিক গ্ৰাম্য উন্নয়নৰ পদক্ষেপৰ নেতৃত্ব দিছে। এগৰাকী বিশিষ্ট লেখিকা আৰু কলাৰ পৃষ্ঠপোষক হিচাপে ভূটানৰ সাহিত্যিক আৰু সাংস্কৃতিক ঐতিহ্যক লালন-পালন কৰি মহামহিম গ্যালিউম আশী দৰজী ৱাংমো ৱাংচুকে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।

উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাস চমুকৈ ইউ এন বি টিয়ে ২০০৪ চনৰে পৰা প্ৰতি বছৰে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰি আহিছে। সমাজৰ অৱহেলিত, শোষিত, লাঞ্চিত , বঞ্চিত আৰু নিস্পেষিত জনসাধাৰণৰ ন্যায়, অধিকাৰৰ লগতে সাংস্কৃতিক, শৈক্ষিক আদি বিভিন্ন ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা বিশেষ ব্যক্তিক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে ইউএনবিটিয়ে।

এই সন্দৰ্ভত সোমবাৰে ইউএনবিটিৰ অধ্যক্ষ ডিমাছা দৈব্ৰাং মুছাহাৰী আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, ভূটানৰ ৰাণী মা মহামহিম গ্যালিউম আশী দৰজী ৱাংমো ৱাংচুকৰ দৰে আন্ত:ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত এগৰাকী বঁটা প্ৰদানৰ সুযোগ পোৱাত আমি নিজকে সৌভাগ্যশালী বুলি অনুভৱ কৰিছো।

মাউণ্টেইন ইকো আৰু তাৰায়না ফাউণ্ডেচন দৰে সংস্থা খুলি গ্যালিউম আশী দৰজী ৱাংমো ৱাংচুকে গ্ৰাম্য অঞ্চলৰ উন্নয়ন আৰু দৰিদ্ৰতা নিৰাময়, মহিলা সবলীকৰণ, শিক্ষা, স্বাস্থ্যসেৱা, আৰু সাংস্কৃতিক সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল বুলি সংবাদমেলত মন্তব্য কৰি ইউএনবিটিৰ অধ্যক্ষ ডিমাছা দৈব্ৰাং মুছাহাৰী আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে তেওঁৰ সফলতা বিশ্বজুৰি স্বীকৃত। আজিৰ অনুষ্ঠান সফল হোৱাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে ডিমাছা দৈব্ৰাং মুছাহাৰী আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

কোকৰাঝাৰ