দুৰ্ঘটনাত পতিত ডাঃ উপেন্দ্ৰ কাকতিৰ অৱস্থা সংকটজনকঃ চৰকাৰক দায়িত্ব গ্ৰহণৰ দাবী ৰাইজৰ

দুৰ্ঘটনাত পতিত ডাঃ উপেন্দ্ৰ কাকতিৰ অৱস্থা সংকটজনকঃ চৰকাৰক দায়িত্ব গ্ৰহণৰ দাবী ৰাইজৰ

author-image
Asomiya Pratidin
New Update
দুৰ্ঘটনাত পতিত ডাঃ উপেন্দ্ৰ কাকতিৰ অৱস্থা সংকটজনকঃ চৰকাৰক দায়িত্ব গ্ৰহণৰ দাবী ৰাইজৰ

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ বানপীড়িত অঞ্চলত চিকিৎসা সেৱা আগবঢ়াই উভটি অহাৰ সময়তে ৩ জুলাই সন্ধিয়া কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ এখন এম্বুলেন্স দুৰ্ভাগ্যজনকভাৱে দূৰ্ঘটনাত পতিত হৈছিল৷ দুৰ্ঘটনাটোত ডাঃ উপেন্দ্ৰ কাকতি নামৰ এজন চিকিৎসক, দুজন চিকিৎসা কৰ্মী আৰু চালক জন গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগা হৈছিল।

Advertisment

ইয়াৰ ভিতৰত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ উপেন্দ্ৰ কাকতি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকত জনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজি আছে। উন্নত চিকিৎসাৰ বাবে তেওঁক বাহিৰৰ চিকিৎসালয়লৈ নিবলৈ চিকিৎসকে পৰামৰ্শ দিছে। এই ক্ষেত্ৰত তেওঁৰ চিকিৎসা ব্যয়ৰ বাবে বুজন পৰিমানৰ ধনৰ প্ৰয়োজন।

ইমান খিনি ধন ব্যয় কৰিবলৈ চিকিৎসকৰ পৰিয়ালটো অসমৰ্থ হোৱা বাবে অসহায় পৰিয়ালটোৱে ৰাইজৰ পৰা কিছু অৰ্থ সাহায্য বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। কিন্তু এই ক্ষেত্ৰত স্থানীয় ব্যক্তি গৌতম কুমাৰ বৰা, ৰাজীৱ বৰুৱা, মোহন উপাধ্যায়, ভানু ভৰালী, মানিক তছা শৰৎ শ‌ইকীয়াক,তৰুন মুক্তিয়াৰ,কিশোৰী কুমাৰ ডেকা প্ৰমূখ্য কৰি একাংশ সচেতন ৰাইজে সামাজিক মাধ্যমৰ জৰিয়তে চৰকাৰক চিকিৎসা ব্যয়ৰ সমুদায় ধন ৰাশি প্ৰদান কৰিবলৈ দাবী জনাইছে। বৰ্তমান এই বিষয়টো সামাজিক মাধ্যমত চৰ্চিত।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত বিশেষ তৎপৰতাৰে চিকিৎসক গৰাকীক চৰকাৰী খৰচত চিকিৎসা প্ৰদান কৰিবলৈ সামাজিক মাধ্যমৰ জৰিয়তে কলিয়াবৰৰ লগতে সমগ্ৰ ৰাজ্য খনৰ অধিকাংশ লোকেই আহ্বান জনায় কয় যে, যিহেতু চিকিৎসক ডাঃ উপেন্দ্ৰ কাকতিয়ে সেই দিনটোত বানপীড়িত ৰাইজৰ মাজত চিকিৎসা সেৱা প্ৰদান কৰি নিজ কৰ্তব্য শেষ কৰি ঘৰ মূৱা হৈছিল। ওৰে দিনটো চৰকাৰী কামত জড়িত থকাৰ বাবেই তেওঁৰ সমস্ত চিকিৎসা ব্যয় চৰকাৰে বহন কৰিব লাগিব বুলিও ৰাজহুৱা দাবী উত্থাপন হৈছে। কিন্তু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

Also Read: জটিল ৰোগত আক্ৰান্ত ছাত্ৰৰ চিকিৎসাৰ সমস্ত দায়িত্ব গ্ৰহণ মুখ্যমন্ত্ৰীৰ

upendra kakati