UPDATE: ক্ষেত্ৰীৰ দুৰ্ঘটনাত নিহত ৰহা কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষৰ লগতে পত্নী, কন্যাৰ অৱস্থা সংকটজনক...

ক্ষেত্ৰীত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা সকলৰ পৰিচয় পোহৰলৈ আহিছে। এই দুৰ্ঘটনাটোত নিহত হৈছে ৰহা কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন শৰ্মা

author-image
Asomiya Pratidin
New Update
dad

ডিজিটেল ডেস্কঃ ক্ষেত্ৰীত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা সকলৰ পৰিচয় পোহৰলৈ আহিছে। এই দুৰ্ঘটনাটোত নিহত হৈছে ৰহা কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন শৰ্মা আৰু তেওঁৰ পত্নী। আৰক্ষীয়ে সদৰি কৰা অনুসৰি তেওঁৰ পত্নীৰ নাম অৰ্চনা শৰ্মা। 

ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে গজেন্দ্ৰ মোহন শৰ্মাৰ কণমাণি কন্যা কৃপালীম গাৰ্গ। সংকটজনক অৱস্থাত বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত হস্পাতালত চিকিতসাধীন হৈ আছে কণমাণি কৃপালীম। ৰহা কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন শৰ্মাৰ ঘৰ মঙলদৈত। 

লক্ষণীয় যে দুৰ্ঘটনাস্থলীৰ সমীপতে ৰাষ্ট্ৰীয় ঘাইপথৰ হোৱা কৃত্ৰিম বানৰ বাবে উক্ত ঠাইডোখৰত সঘনাই সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

দুৰ্ঘটনা