দিল্লীৰ বোমা বিস্ফোৰণঃ নিহতৰ সংখ্যা ২০ৰো অধিক হোৱাৰ সম্ভাৱনা...

দিল্লীত সংঘটিত হোৱা ভয়ংকৰ কাৰ বিস্ফোৰণত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক। এতিয়ালৈকে এই বিস্ফোৰণত ৯গৰাকীকৈ লোক নিহত হৈছে। স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, ৩০ৰো অধিক লোক

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত হোৱা ভয়ংকৰ কাৰ বিস্ফোৰণত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক। এতিয়ালৈকে এই বিস্ফোৰণত ৯গৰাকীকৈ লোক নিহত হৈছে। স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, ৩০ৰো অধিক লোক আহত হৈছে এই বিস্ফোৰণত। ইয়াৰে অধিক সংখ্যাকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জনাইছে প্ৰত্যক্ষদৰ্শীয়ে।

ইফালে দিল্লীৰ লীলাৱতী হস্পাতালৰ কৰ্তৃপক্ষই আহত সকলৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাই। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, আহত কিছু সংখ্যক লোকৰ দেহৰ অংগ চিন্ন-ভিন্ন হৈ গৈছে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে, এটা নহয়, দুটাই বিস্ফোৰণ সংঘটিত হৈছিল উক্ত সময়ত।

দিল্লীৰ এই বিস্ফোৰণৰ আঁৰত কোন সন্ত্ৰাসবাদী সংগঠন জড়িত হৈ আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাস্থলীত নিয়া আৰু এন এছ জিৰ লোকৰ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দিল্লীৰ বিস্ফোৰণৰ পাছতে পাঞ্জাৱ, হাৰিয়ানাৰ লগতে সমীপৱৰ্তী ৰাজ্যত জাৰি কৰা হৈছে হাই এৰ্লাট। 

দিল্লী