/asomiyapratidin/media/media_files/2025/05/14/g9Zxa723VvSVxTJoMITQ.jpg)
কেমব্রিজ ইণ্টাৰনেচনেলৰ ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিলত অসমৰ ড০ উপাসনা মহন্ত
ডিজিটেল ডেস্কঃ ৰাজ্যবাসীৰ বাবে এটা সুখবৰ। বিশিষ্ট শিক্ষাবিদ ড০ উপাসনা মহন্তক এক গুৰুত্বপূৰ্ণ পদত অধিস্থিত কৰিছে কেমব্রিজ ইণ্টাৰনেচনেলে। বৰ্তমান অ' পি জিণ্ডাল গ্লোৱেল বিশ্ববিদ্যালয়খত ডীন পদত কৰ্মৰত ড০ মহন্তক কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিলত স্থান দিছে। এই কাউন্সিল বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰসিদ্ধ শিক্ষাবিদ সকলক লৈ গঠিত। ড০ মহন্ত এই কাউন্সিলত স্থান পোৱা প্ৰথমগৰাকী ভাৰতীয় সদস্য। ইউনিভাৰ্চিটি অফ অক্সফোৰ্ড, এম আই টি, ইউনিভাৰ্চিটি অফ কেমব্রিজ, ইউনিভাৰ্চিটি অফ টৰন্টো আদি বিশ্ববিদ্যালয়ৰ শিক্ষাবিদ সকলক লৈ এই কাউন্সিল গঠন কৰা হয়। ড০ মহন্ত প্ৰয়াত অধ্যাপক শৰত মহন্ত আৰু মীনা মহন্তৰ কন্যা।
উল্লেখযোগ্য যে, জয়সাগৰ নিমনা বুনিয়াদী বিদ্যালয়, ৰংপুৰ গাৰ্লছ স্কুল, ফুলেশ্বৰী স্কুল, শংকৰ একাডেমী, মিৰাণ্ডা হাউচ, হিন্দু কলেজ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (দিল্লী), আৰু ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয় (কানাডা)ত অধ্যয়ন কৰিছিল উপাসনা মহন্তই।