উপাসনাজ নৃত্যাংগনৰ ২২সংখ্যক বাৰ্ষিক দিৱসৰ সফল সামৰণি

এই অনুষ্ঠানত উপাসনাজ নৃত্যাংগনৰ দিশপুৰ, ভেটাপাৰা, নিউ গুৱাহাটী আৰু জাগিৰোড শাখাৰ ৬০ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে সত্ৰীয়া আৰু ভাৰত নাট্যমৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  অসমৰ আগশাৰীৰ শাস্ত্ৰীয় নৃত্যৰ শিক্ষানুষ্ঠান উপাসনাজ নৃত্যাংগনৰ ২২সংখ্যক বাৰ্ষিক দিৱস যোৱা ২৭ ডিচেম্বৰ,২০২৫ত পাঞ্জাবাৰীস্থিত শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। নৃত্যাংগনৰ এই বাৰ্ষিক উদযাপনত এইবেলি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পণ্ডিত বিৰ্জু মহাৰাজৰ অন্যতম শিস্য কথক গুৰু বিপুল দাস, সংগীত নাটক একাডেমী বঁটা প্ৰাপক অনিতা শৰ্মা, বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য, মনিষা হাজৰিকা, নৃত্যগুৰু ড০ অঞ্জনাময়ী শইকীয়া আৰু অসম জাতীয় বিদ্যালয়ৰ সভাপতি দিলীপ দত্ত চৌধুৰী। 

WhatsApp Image 2026-01-01 at 12.34.16 PM

এই অনুষ্ঠানত উপাসনাজ নৃত্যাংগনৰ দিশপুৰ, ভেটাপাৰা, নিউ গুৱাহাটী আৰু জাগিৰোড শাখাৰ ৬০ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে সত্ৰীয়া আৰু ভাৰত নাট্যমৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। তদুপৰি জুবিন গাৰ্গৰ জীৱনভিত্তিক শশাংক সমীৰৰ ৰচনাৰে এটি কাব্য অলেখ্য পৰিৱেশন কৰা হয়। ইয়াৰ লগতে অসীমকৃষ্ণ বৰুৱাৰ ৰচনাৰে ভূপেন হাজৰিকাৰ জীৱনভিত্তিক এক আলেখ্য পৰিৱেশন কৰে নৃত্যগুৰু উপাসনা মহন্ত গগৈয়ে। 

WhatsApp Image 2026-01-01 at 12.34.17 PM (1)

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি মুকলি কৰা হয় উপাসনাজ নৃত্যাংগনৰ ৱেবছাইট। সন্ধিয়া ৫বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটোত বিবিধ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি দৰ্শকক আপ্লুত কৰি তোলে। অনুষ্ঠানত ঘোষণা কৰা হয় যে ৬ জানুৱাৰীৰ পৰা আজাৰাত উপাসনাজ নৃত্যাংগনৰ এটা নতুন শাখা আৰম্ভ কৰা হ'ব।

WhatsApp Image 2026-01-01 at 12.34.17 PM

শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ