/asomiyapratidin/media/media_files/2025/10/18/ujjjd-2025-10-18-10-51-44.jpg)
ডিজিটেল ডেস্কঃ আজি ধনতেৰাচ। ১৮অক্টোবৰ দিনৰ ১২.২৯বজাৰ পৰা আৰম্ভ হোৱা ধনতেৰাচৰ সময় সমাপ্ত হ'ব ১৯অক্টোবৰ দিনৰ ১.৫২বজাত। আজিৰ দিনটোত সোণৰ বাহিৰেও আপুনি ক্ৰয় কৰিব পাৰে নিমখ, ঝাড়ু,ধনিয়া গুটি, কড়ি আৰু হালধি। ধন তেৰাচৰ দিনটোত আপোনাৰ কৰ্মত প্ৰয়োজনীয় বস্তু কিনিলে সুফল লাভ কৰিব। কিন্তু মনত ৰাখিব যে, ধনতেৰাচৰ দিনটোত ভুলতো ক্ৰয় নকৰিব লোহাৰৰ সামগ্ৰী।
ধন তেৰাচৰ দিনটোত ধন আকৰ্ষণৰ বাবে জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে এক বিশেষ উপায়ৰ কথা। এই উপায়টো হৈছে-
- আপুনি হাতৰ অনামিকা আঙুলিৰ জোখৰ এটা ৰূপৰ আঙুঠি কিনি ল'ব।
- এই আঙুঠিটো গোসাই ঘৰত থৈ দিব।
- এগছি মাটিৰ চাকি কিনি ৰূপৰ আঙুঠিৰ ওপৰত ঘিউ দিব আৰু শলিতা এডাল দি মা লক্ষ্মীৰ চৰণত দীপাৱলীৰ দিনটোত জ্বলাই দিব।
- চাকি গছি নুমাই যোৱাৰ পিছত মাটিৰ চাকিটোৰ পৰা আঙুঠিটো উঠাই আনি আপোনাৰ হাতৰ অনামিকা আঙুলিত পিন্ধিব।