আৰ্থিক সংকটৰ বাবে ফেচবুক লাইভত আত্মহত্যাৰ চেষ্টা স্বামীৰ কিন্তু মৃত্যু পত্নীৰ…

আৰ্থিক সংকটৰ বাবে ফেচবুক লাইভত আত্মহত্যাৰ চেষ্টা স্বামীৰ কিন্তু মৃত্যু পত্নীৰ…

author-image
asomiyapratidin
New Update
আৰ্থিক সংকটৰ বাবে ফেচবুক লাইভত আত্মহত্যাৰ চেষ্টা স্বামীৰ কিন্তু মৃত্যু পত্নীৰ…

 ডিজিটেল ডেস্ক: পত্নীৰ সন্মুখতেই আত্মহত্যাৰ চেষ্টা এজন ব্যক্তিৰ। এই ঘটনা উত্তৰ প্ৰদেশ বাগপত অঞ্চলৰ। এগৰাকী জোতা বেপাৰীয়ে প্ৰথমে ফেচবুক লাইভ আহি নিজৰ পত্নীৰ সন্মুখতেই বিহ পান কৰি আত্মহত্যাৰ চেষ্টা কৰে আৰু লগে লগে পত্নীয়েও বিহপান কৰে।

Advertisment

ইয়াৰ পিছতেই দুয়োকে হস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ সময়তে পত্নীৰ মৃত্যু হয় আৰু স্বামীৰ অৱস্থা এতিয়াও সংকটজনক। আৰক্ষীৰ মতে আৰ্থিক সংকটৰ সন্মুখীন হৈ এই পদক্ষেপ গ্ৰহণ কৰে দুয়োয়ে।

উল্লেখ্য যে, ৪০ বছৰীয়া ৰাজীৱ তোমৰ বিগত ৫ বছৰ ধৰি জোতাৰ ব্যৱসায় কৰি আহিছে।মঙলবাৰে ৰাজীৱে ফেচবুকত লাইভ আহি আৰ্থিক সংকটৰ বিষয়ে কৈ বিহ পান কৰে।সেই সময়ত পত্নী পুনমে তেওঁক বাধা দিয়াৰ চেষ্টা কৰে যদিও অসমৰ্থ হয়। লগে লগে পত্নীয়ে বিহ পান কৰে, অৱশেষত মৃত্যু হয় পত্নীৰ।

ছ'চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ'। .কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীকে ধৰি বহু ৰাজনীতিক নেতাই এই ভিডিঅ'ত মন্তব্যও কৰিছে।

প্ৰায় ২ মিনিটৰ ভিডিঅ'টোত ৰাজীৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষুদ্ৰ ব্যৱসায়ী সকলক সহায় কৰাৰ বাবে অনুৰোধ কৰিছে। তেওঁ কয় যে বহুতৰে পৰা তেওঁ ঋণ লৈছে কিন্তু আৰ্থিক সংকটৰ বাবে উভতাই দিব পৰা নাই। যাৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে।

suicide uttar pradesh death