আমি চাইলেন্ট ভোটাৰৰ ভোট পামঃ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে জয় নিশ্চিত বুলি দাবী কংগ্ৰেছৰ...

বাৰাণসীত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায় নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে। শনিবাৰে পুৱা ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে, এইবাৰ বাৰাণসীত তেওঁক কোনো শক্তিয়েই জয়ৰ যাত্ৰা ৰুদ্ধ কৰিব নোৱাৰে।

author-image
Asomiya Pratidin
New Update
আমি চাইলেন্ট ভোটাৰৰ ভোট পামঃ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে জয় নিশ্চিত বুলি দাবী কংগ্ৰেছৰ...

ডিজিটেল ডেস্কঃ বাৰাণসীত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায় নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰে। শনিবাৰে পুৱা ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে, এইবাৰ বাৰাণসীত তেওঁক কোনো শক্তিয়েই জয়ৰ যাত্ৰা ৰুদ্ধ কৰিব নোৱাৰে।

Advertisment

কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে কয় যে, যিসময়ত গংগাৰ কাষত বহি প্ৰধানমন্ত্ৰীয়ে ধ্যানত বহিব লাগিছিল, সেই সময়ত তেওঁ অইন ঠাইত ধ্যানত বহি আছে। সমষ্টিৰ জনতাই এয়া লক্ষ্য কৰিছে। মই বিশেষকৈ জয়ী হম বুলি এইকাৰণতেই আত্মবিশ্বাসী কাৰন মোৰ নীৰৱ ভোটাৰ সকলে ভোটদান কৰিব। যিসকল লোকে পূৰ্বে অন্য ৰাজনৈতিক দলক বিশ্বাস কৰিছিল এইবাৰ তেওঁলোকে বিশ্বাসত লৈছে কংগ্ৰেছক। জনতাই এতিয়া পৰিৱৰ্তনৰ বাবে ভোটদান কৰিব। চহৰ-গাঁৱৰ সকলো ব্যৱসায়ী এইখন চৰকাৰৰ প্ৰতি অসন্তুষ্ট হৈ আছে।

উল্লেখ কৰা প্ৰয়োজন যে, ২০২৯ৰ লোকসভা নিৰ্বাচনত এই সমষ্টিটোত নৰেন্দ্ৰ মোডী প্ৰায় ৬৩.০৬শতাংশ ভোট লাভ কৰি জয়ী হৈছিল। প্ৰায় ৬লাখ ৭০হাজাৰ ভোট মোডীয়ে লাভ কৰাৰ বিপৰীতে এছ পি দল প্ৰাৰ্থীগৰাকীয়ে ১লাখ ৯৫হাজাৰ ভোট লাভ কৰি দ্বিতীয় স্থানত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী অজয় ৰায়ে ১লাখ ৫২হাজাৰ ভোট লাভ কৰি তৃতীয় স্থানত আছিল। প্ৰায় ৪৫.২শতাংশ ভোটৰ ব্যৱধানত ২০১৯চনত জয়ী হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।  

বাৰাণসী