/asomiyapratidin/media/media_files/2025/09/18/aakash-18-2025-09-18-22-07-58.jpg)
ডিজিটেল ডেস্কঃ বেংকত জমা কৰিছিল মাত্ৰ ৫০০ টকা। কিন্তু বেংকৰ পৰা উলিয়ালে ৫ কোটিৰো অধিক টকা! এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।
ৰাজ্যখনৰ হাথৰছ জিলাৰ ২৩ বছৰীয়া যুৱক আকাশে বেংকত ৫০০ টকা জমা কৰি বেংকৰ পৰা ৫ কোটিৰো অধিক টকা উলিওৱাৰ অভিযোগ উঠিছে। আকাশ নামৰ এই যুৱকজন ‘মা চামুণ্ডা ছুইট এণ্ড নমকিন’ নামৰ এখন দোকান আছে। এই দোকানখনেৰেই তেওঁ পৰিয়াল চলায়। প্ৰথমে এই দোকানখন চোৱাচিতা কৰিছিল তেওঁৰ পিতৃয়ে। কিন্তু পিতৃৰ মৃত্যুৰ পাছতে এই দোকানখনৰ দায়িত্ব লয় আকাশে।
এই সৰু দোকানখনেৰে পৰিয়াল চলাই থকা আকাশ হঠাৎ ধনী হৈ পৰে। কম সময়তে তেওঁ হৈ পৰে বাইক, চাৰি চকীয়া বাহনৰ গৰাকী। আকাশে যিদৰে ধন খৰচ কৰে সেই দৃশ্য দেখি সন্দেহ জন্মে গাওঁবাসীৰো।
প্ৰথমে তেওঁ ২.৫ লাখ টকা ব্যয় কৰি ক্ৰয় কৰে এখন মটৰ চাইকেল। তাৰ পাছত এখন থাৰ আৰু ৩.৫ লাখ টকাৰ সোণ। মাত্ৰ সৰু এখন দোকান দিয়া আকাশৰ এই আকস্মিক উত্তৰণৰ কাহিনী পৰেগৈ আৰক্ষীৰ কাণত।
তাৰ পাছতেই আকাশে আহৰণ কৰা ধনৰ উৎস কি তাৰ তদন্ত আৰম্ভ কৰে হাথৰছ আৰক্ষীয়ে। প্ৰথমে আৰক্ষীয়ে গঠন কৰে এটা বিশেষ অভিযানকাৰী গোট। এই গোটেই আকাশৰ বেংকৰ লেনদেনৰ তথ্য পৰীক্ষা কৰে।
আকাশৰ Bank of India-ৰ একাউণ্ট আৰু অন্যান্য লেনদেনৰ ৰেকৰ্ড পৰীক্ষা কৰি আৰক্ষীৰ চকু কপালত উঠে। তাৰ পাছতেই আৰক্ষীয়ে সোধপোছ কৰে আকাশক।
আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা তথ্য মতে আকাশে ২০২৫ চনৰ মে’ মাহত মাত্র ৫০০ টকাৰে এইছ ডি এফ চি বেংকত এটা একাউণ্ট খোলে। প্ৰথমে তেওঁ ৫,০০০ৰ অভাৰড্ৰাফ্টৰ সুবিধা লয়। তাৰ পিছত কম কমকৈ ধন জমা কৰি সেই সীমা বৃদ্ধি কৰি একে পদ্ধতিত লাখ লাখ টকা উলিয়াই লয়।
এইদৰে মুঠতে ৯ বাৰ লেনদেন কৰি তেওঁ প্ৰায় ৫ কোটি টকা তুলিবলৈ সক্ষম হয়।আৰক্ষীৰ মতে আকাশে এই ধনৰ প্ৰায় ৩.৫ কোটি বিভিন্ন অনলাইন ট্ৰেডিং এপৰ জৰিয়তে ষ্টক মাৰ্কেটত বিনিয়োগ কৰে।
বাকী ধন গাড়ী, সোণ আৰু বিলাসী সামগ্ৰী ক্ৰয় কৰাত খৰচ কৰে। আকাশে এইদৰে বেংকৰ পৰা ধন উলিওৱাত বেংকৰ আন তিনিজন কৰ্মচাৰীৰো ভূমিকা সন্দেহজনক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বৰ্তমান আকাশ নামৰ এই যুৱকজন আৰক্ষীৰ জিম্মাতে আছে। আৰক্ষীয়ে ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে।