কাকীত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন

লংকাৰ কাকীত দেওবাৰে জুবিন গাৰ্গৰ প্ৰতি মূৰ্তি উন্মোচন কৰা হয়। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে জুবিন গাৰ্গৰ সহযোগী বাদ্য শিল্পী ৰাজা বৰুৱা, পাৰ্থপ্ৰতিম গোস্বামী, সহযোগী কণ্ঠশিল্পী শতাব্দী বৰা আৰু চুইটী দাসে।

author-image
Asomiya Pratidin
New Update
new ap web raja`

ডিজিটেল সংবাদ, লংকা : লংকাৰ কাকীত দেওবাৰে জুবিন গাৰ্গৰ প্ৰতি মূৰ্তি উন্মোচন কৰা হয়। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে জুবিন গাৰ্গৰ সহযোগী বাদ্য শিল্পী ৰাজা বৰুৱা, পাৰ্থপ্ৰতিম গোস্বামী, সহযোগী কণ্ঠশিল্পী শতাব্দী বৰা আৰু চুইটী দাসে।

উৰুলি, শংখধ্বনী, গায়ন- বায়নৰে সম্পূৰ্ণ মাংগলিক অনুষ্ঠানৰে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয়। উন্মোচনী অনুষ্ঠানত শিল্পী মহেন্দ্ৰ হাজৰীকা, কৃষ্ণমণি নাথ, হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, বিধায়ক শিৱু মিশ্ৰ, লামডিং সমজিলা আয়ুক্ত চন্দন বৰগোহাঁই উপস্থিত থাকে।

প্ৰায় দহ সহস্ৰাধিক জুবিন গাৰ্গৰ অনুৰাগীৰ আৰু কেইবাগৰাকী শিল্পীৰ উপস্থিতিত প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।

জুবিন গাৰ্গ