/asomiyapratidin/media/media_files/2025/11/18/whatsapp-ima-2025-11-18-09-45-52.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ প্রিয় শিল্পীৰ অবর্তমানত আজি তেওঁৰ অগণন অনুৰাগীয়ে চকুলো সামৰি শিল্পীগৰাকীৰ গীত আৰু স্মৃতিক লৈ তেওঁৰ ওপজা দিনটো উদযাপন কৰি তেওঁৰ অস্তিত্বক মূর্ত কৰি তুলিছে। কালি মাজনিশাই জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহৰ লগতে তেওঁৰ ষ্টুডিঅ'ত অনুৰাগীসকলে জন্মদিন উদযাপন আৰম্ভ কৰে।
তাৰোপৰি তেওঁৰ বাসগৃহত পুৱাৰ পৰা আয়তী সকলে দিহানাম গাই তেওঁৰ জন্মদিন পালন কৰে। গায়ন-বায়নৰ খোলবাদনে কাহিলিপাৰাৰ বাসগৃহ চৌহদত সপ্তবৈকুণ্ঠ নমাই আনে। বাসগৃহৰ পদুলিত থকা তেওঁৰ প্ৰিয় বকুল জোপাৰ কাষতে উন্মোচন কৰা হয় প্ৰাণৰ শিল্পীৰ আৱক্ষ মূৰ্তি।
পিতৃ কপিল বৰঠাকুৰ, পত্নী গৰিমা শইকীয়া গাৰ্গ,পৰিয়ালবৰ্গৰ লগতে অজস্ৰ গুণমুগ্ধই উন্মোচন কৰে জুবিনৰ আৱক্ষ মূৰ্তিটো। উন্মোচনৰ পাছতে পিতৃয়ে চুই চাই পুত্ৰ গ'ল্ডিক। এই দৃশ্যই আৱেগিক কৰি তোলে উপস্থিত প্ৰতিগৰাকী লোকক।
ইফালে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাৰে পৰা জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰত পুৱা বক্তদান শিবিৰ, নাম-প্ৰসংগ, নাহৰ পুলি ৰোপণ আৰু বিয়লি ৫ হাজাৰ গচি বস্তি প্রজ্বলন কৰা হ'ব।
ইয়াৰ লগতে সোণাপুৰত ৫০০ আকাশবন্তিও প্রজ্বলন কৰা হ'ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, ভাওনাকে ধৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে অজস্ৰ গুণমুদ্ধই ভিৰ কৰিছে জুবিন ক্ষেত্ৰৰ লগতে কহিলিপাৰাৰ বাসগৃহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us