বড়ো সাহিত্য সভাৰ সভাপতি তথা কৃতি শিক্ষক বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰীক "হাংখোনি ফাইখি ৰামদাস বসুমতাৰী সোলোংথায়াৰী বান্থা " বঁটা প্ৰদান

তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয়টো দিন। দ্বিতীয়টো দিনৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। বঁটা প্ৰদান অনুষ্ঠানটো সঞ্চালনা কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-10 at 4.37.58 PM

 ডিজিটেল ডেস্কঃ চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত যোৱা ৯ জানুৱাৰীৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। এই অধিৱেশনৰ আজি দ্বিতীয়টো দিন। দ্বিতীয়টো দিনৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। বঁটা প্ৰদান অনুষ্ঠানটো সঞ্চালনা কৰে বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে। 

অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি তথা কৃতি শিক্ষক বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰীক  "হাংখোনি ফাইখি ৰামদাস বসুমতাৰী সোলোংথায়াৰী বান্থা " বঁটা প্ৰদান কৰে । উল্লেখ্য যে, বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰীয়ে নিজৰ দুটি লৰা সন্তানক বড়ো মাধ্যমত পঢ়াই ডক্টৰেট ডিগ্ৰী কৰোৱাই চৰকাৰী চাকৰি প্ৰাপ্তি কৰাইছে।

WhatsApp Image 2026-01-10 at 2.48.55 PM

প্ৰণিধানযোগ্য যে, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীযে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত ১১ গৰাকী ব্যক্তিক বিভিন্ন শিতানত বড়ো সাহিত্য সভাই বঁটা প্ৰদান কৰে । ৰাংছাৰ সাহিত্য বঁটা লাভ কৰে শোণিতপুৰৰ ৰবিন নাৰ্জাৰীয়ে। এই  বঁটাত আছে নগদ ১০,০০০/- টকা, মানপত্ৰ, এৰি কোট চোলা আৰু বড়ো সাহিত্য সভাৰ মমেন্টো। ইপিনে সমেশ্বৰী ব্ৰহ্ম সাহিত্য বঁটা লাভ কৰে তামুলপুৰৰ ৰমাকান্ত বসুমতাৰীয়ে। বঁটাত আছে নগদ ৫,০০০/- টকা, মানপত্ৰ,  এৰি কোট চোলা আৰু বড়ো সাহিত্য সভাৰ মমেন্টো। 

চানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম সংস্কৃতি বঁটা লাভ কৰে  গুৱাহাটীৰ দেবেন্দ্ৰ নাথ ব্ৰহ্মই। বঁটাত আছে নগদ ১০,০০০/- টকা, মানপত্ৰ,  এৰি কোট চোলা আৰু বড়ো সাহিত্য সভাৰ মমেন্টো । হাব্ৰাঘাট বঁটা লাভ কৰে  গোৱালপাৰাৰ কনিষ্ক হাজোৱাৰীলৈ । এই  বঁটাত আছে নগদ ১০,০০০/- টকা, মানপত্ৰ,  এৰি কোট চোলা আৰু বড়ো সাহিত্য সভাৰ মমেন্টো। প্ৰৱন্নাথ বৰগোয়াৰী সাহিত্য বঁটা লাভ কৰিছে বিজনীৰ ৰিম্বা ৱাৰীয়ে। বঁটাত আছে নগদ ৫০,০০০/- টকা, মানপত্ৰ,  এৰি কোট চোলা আৰু বড়ো সাহিত্য সভাৰ মমেন্টো ।প্ৰমিলা খাখলাৰী অনুবাদ বঁটা লাভ কৰিছে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমিৰ বড়ো ভাষাৰ সমন্বয়ক  তৰেন বড়োৱে। বঁটাত আছে নগদ ৩০,০০০/- টকা, মানপত্ৰ,  এৰি কোট চোলা আৰু বড়ো সাহিত্য সভাৰ মমেন্টো।ৰামদাস বসুমতাৰী শিক্ষামূলক বঁটাটো বাগসা জিলা সাহিত্য সভাৰ সভাপতি  বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰীলৈ প্ৰদান কৰে । বঁটাত আছে নগদ ৫০,০০০/- টকা, মানপত্ৰ,  এৰি চোলা আৰু বড়ো সাহিত্য সভাৰ মমেন্টো। 

WhatsApp Image 2026-01-10 at 2.48.53 PM

ইপিনে স্বাধীনতা সংগ্ৰামী যোগেন্দ্ৰ কুমাৰ বসুমতাৰী  বঁটা লাভ কৰিছে কোকৰাঝাৰৰ নিত্যা বিনোদ ৱাৰীয়ে। বঁটাত আছে নগদ ৫০,০০০/- টকা, মানপত্ৰ, এৰি কোট চোলা, বড়ো সাহিত্য সভাৰ মমেন্টো। চুবুংথিনি থান্দৈ বিনেশ্বৰ ব্ৰহ্ম হাউৰিয়া মাউৰিয়া বঁটা লাভ কৰিছে কোকৰাঝাৰৰ শিল্পা ব্ৰহ্মই। বঁটাত আছে নগদ ৫০,০০০/- টকা, মানপত্ৰ,  এৰি কোট চোলা আৰু বড়ো সাহিত্য সভাৰ মমেন্টো। হাংমাশ্ৰী ব্ৰহ্ম ছাত্ৰ প্ৰেৰণা  বঁটা লাভ কৰিছে বাক্সাৰ নৱজিত বসুমতাৰীয়ে। বঁটাত আছে নগদ ২০,০০০/- টকা, মানপত্ৰ,  এৰি কোট চোলা আৰু বড়ো সাহিত্য সভাৰ মমেন্টো ।

আনহাতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা তামুলপুৰৰ নয়নমনি বড়োলৈ ছাত্ৰ প্ৰেৰণা বঁটা আগবঢ়োৱা হৈছে। বঁটাত আছে নগদ ১০,০০০/- টকা, মানপত্ৰ,  এৰি কোট চোলা আৰু বড়ো সাহিত্য সভাৰ মমেন্টো ।

বিজনী