অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰবি গগৈৰ অভিনন্দন গ্ৰন্থ “ৰূপকাৰ ” উন্মোচন

ধেমাজি যোগেশ গোহাঞি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ও ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাপ্ৰাপক আৰু ধেমাজি ক্ৰীড়া,সমাজ - সংস্কৃতি ক্ষেত্ৰৰ এগৰাকী অক্লান্ত কৰ্মী ৰবি গগৈৰ বিচিত্ৰ জীৱন পৰিক্ৰমাৰে সমৃদ্ধ এখনি অভিনন্দন গ্ৰন্থ  “ৰূপকাৰ ” আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

author-image
Asomiya Pratidin
New Update
476

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি যোগেশ গোহাঞি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ও ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাপ্ৰাপক আৰু ধেমাজি ক্ৰীড়া,সমাজ - সংস্কৃতি ক্ষেত্ৰৰ এগৰাকী অক্লান্ত কৰ্মী ৰবি গগৈৰ বিচিত্ৰ জীৱন পৰিক্ৰমাৰে সমৃদ্ধ এখনি অভিনন্দন গ্ৰন্থ  “ৰূপকাৰ ” আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গোৱাল চাপৰিৰ যোগেশ গোহাঞি উচ্চ মাধ্যিমক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে বিয়লি ১ বজাত মৰান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লোক সংস্কৃতিৰ বিশেষজ্ঞ, ৰাষ্ট্ৰীয় সংগীত নাটক একাডেমীৰ সদস্য ড° অনিল শইকীয়াই গ্ৰন্থখন উন্মোচন কৰে ৷

২৮৮ পৃষ্ঠাৰ জোৰা  ৰবি গগৈৰ অভিনন্দন গ্ৰন্থ “ৰূপকাৰ” উন্মোচন কৰি উন্মোচক ড° অনিল  শইকীয়াই বক্তব্যত সমাজ জীৱনত থকা অৰিহণাৰ বিষয়ে উল্লেখ কৰি ৰবি গগৈক প্ৰশংসা কৰে ৷ এই উপলক্ষে আয়োজিত সভাখনৰ পূৰ্বে  উদ্যোক্তাসকলে সদ্য প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ কৰে ৷

ৰবি গগৈৰ অভিনন্দন গ্ৰন্থ ৰূপকাৰ প্ৰকাশ সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলীন বৰগোহাঞিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনৰ আদৰণি ভাষণ ও সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ৰূপকাৰ সম্পাদনা সমিতিৰ সম্পাদক বুদ্ধেশ্বৰ কোঁৱৰে ৷ উন্মোচনী সভাৰ পূৰ্বে গীতিকাৰ , সুৰকাৰ তথা বৰদলনি কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰিয়ৰাম দত্তৰ পৰিচালনাৰে ছাত্ৰী সকলে সমবেত সংগীত পৰিবেশন 
কৰে ৷

সভাত নিদিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে সাহিত্যিক পেঞ্চনা তথা জ্যেষ্ঠ সাংবাদিক উমেশ চেতিয়া , অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক মহেন্দ্ৰ গগৈ আৰু ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুুদ্ধিন্দ্ৰ বৰুৱাই ৷ সভাত বিশিষ্ট অতিথি আৰু শুভাকাংক্ষী হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বেতনিপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান
শিক্ষক গকুল শইকীয়া , চিলাপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বিষ্টুৰাম কোঁৱৰ , ডিব্ৰুগড়  মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন ভুঞা, ক্ৰীড়া পেঞ্চনাৰ লক্ষেশ্বৰ কোঁৱৰ, ড° পুষ্প গগৈ, তিলেন গগৈ , অৱসৰপ্ৰাপ্ত অৰুণ কুমাৰ দিহিঙীয় , অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না বৰগোহাঁই ,ড° কবিতা গগৈ আৰু পৰিয়ালৰ হৈ পৰমা গগৈয়ে ৷

ধেমাজি জিলাখনৰ  সমাজ- সংস্কৃতি ক্ষেত্ৰখনৰ বিভিন্ন দিশৰ  সৈতে জড়িত থকা ৰবি গগৈৰ অভিনন্দন  গ্ৰন্থ অনুষ্ঠানত ধেমাজি , চিলাপথাৰ , চিচিবৰগাঁও , বৰদলনি আৰু গোগামুখকে ধৰি জিলাখনৰ বহুকেইগৰাকী গন্যমান্য বক্তিয়ে উপস্থিত থাকে ৷ 

উন্মোচন